অসম

assam

চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া

পবৰ্তসম দুৰ্নীতিৰে শ শ কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা চাইবৰৰ আয়বৰ্হিঃ ভূত সম্পত্তিৰ পৰিমাণ দেখি স্তম্ভিত খোদ তদন্তকাৰী বিষয়া ।

By

Published : Sep 1, 2021, 7:28 PM IST

Published : Sep 1, 2021, 7:28 PM IST

চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া
চাইবৰ ৰহমানৰ সম্পত্তি দেখি স্তম্ভিত অভিযানকাৰী বিষয়া

গুৱাহাটী, ১ ছেপ্তেম্বৰ:দুৰ্নীতিৰ সদাগৰ চাইবৰ ৰহমানৰ সম্পত্তিৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে আৰম্ভ কৰিছে অভিযান । দুৰ্নীতিৰ সদাগৰ হৈ সম্পত্তিৰ পাহাৰ গঢ়া ACS বিষয়া চাইবৰ ৰহমানৰ সম্পত্তিৰ পৰিমাণ গণি এতিয়া ভাগৰি পৰিছে খোদ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ বিষয়া । CM vigilance ৰ হাতত নিতৌ উদ্ধাৰ হৈছে ন ন তথ্য । পবৰ্তসম দুৰ্নীতিৰে শ শ কোটি টকাৰ সম্পত্তিৰ গৰাকী হোৱা চাইবৰৰ আয় বহিৰ্ভূত সম্পত্তিৰ পৰিমাণ দেখি স্তম্ভিত খোদ তদন্তকাৰী বিষয়া ।

বুধবাৰে ভাৰতীয় ষ্টেট বেংকৰ হাতীগাঁও শাখাত ধৃত চাইবৰৰ প্ৰথমা পত্নী দেৱান শ্বেহনাজ খাতুনক লগত লৈ অভিযান চলালে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই বেংকটোত ৷ চাইবৰৰ লকাৰত CM vigilance ৰ অভিযানকাৰী দলে চলাইছে হাতুৰা । অৱশ্যে চাইবৰৰ লকাৰত অভিযান চলাই নিৰাশ হ'ল CM vigilance ৰ অভিযানকাৰী দলটো ৷ লকাৰৰ পৰা একোৱেই উদ্ধাৰ কৰিব নোৱাৰিলে তদন্তকাৰী বিষয়াই ।

লগতে পঢ়কঃ দীৰ্ঘদিনৰ বিৰতিৰ পাছত শিক্ষানুষ্ঠানলৈ যাবলৈ সাজু হৈছে ছাত্ৰ-ছাত্ৰী

প্ৰাপ্ত তথ্য অনুসৰি, বেংকটোত পৰিয়ালৰ চাৰিজন ব্যক্তিৰ নামত আছে ২৪ টা বেংক একাউণ্ট আৰু প্ৰায় ৫০ টা বীমা ৷ এইসমূহ প্ৰমাণৰ আধাৰত বৰ্তমান ৬ দিনৰ ন্যায়িক জিম্মাত থকা চাইবৰক তদন্তৰ খাতিৰত পুনৰ নিজৰ জিম্মাত বিচাৰিব পাৰে CM vigilance য়ে । দুনীৰ্তিৰ সদাগৰ ৰূপে পৰিচিত হোৱা চাইবৰৰ সম্পত্তিৰ তালিকা আৰু কিমান দিঘলীয়া হ’ব, সেই বিষয়ে সঠিক ভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই অভিযানকাৰী দলটোৱে । এইগৰাকী বিষয়াৰ বিশাল সম্পত্তিৰ তালিকাখন যে আৰু দীঘলীয়া হ'ব সেয়া নিশ্চিত ।

উল্লেখযোগ্য যে, ২৪ আগষ্টত এটা অভিযোগৰ ভিত্তিত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে চলোৱা অভিযানত ১০০ কোটিতকৈ অধিক সম্পত্তিৰ তথ্য পোহৰলৈ অহাৰ পিছতে সংখ্যালঘু উন্নয়ন বিভাগৰ উপ-সচিব চাইবৰ ৰহমানক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়কঃ এশ বছৰ জীয়াই থাকিম; গেৰুৱা পিন্ধিয়েই ক’লে ফনীধৰ তালুকদাৰে

ABOUT THE AUTHOR

...view details