গুৱাহাটী, ২৩ ডিচেম্বৰ:সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ ভিজিলেন্সৰ জালত বন্দী হৈছে ২০১৫ বৰ্ষৰ নিলম্বিত এ চি এছ বিষয়া সুকন্যা বৰা । অজিত ভূঞাৰ সাংসদ পুঁজি ব্যয় কেলেংকাৰীৰ গোচৰত নিলম্বন হোৱা সুকন্যা বৰাৰ গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ ঘৰত আৰু জয়ানগৰৰ বিলাসবহুল ফ্লেটত চি এম ভিজিলেঞ্চে অভিযান চলোৱাৰ লগতে কেইবাবাৰো জেৰাৰ সন্মুখীন হৈছে । মাত্র ৮ বছৰ চাকৰি কৰিয়েই সুকন্যা বৰাই গঢ়িছে সম্পত্তিৰ পাহাৰ ।
গুৱাহাটীৰ চাৰি স্থানত ওলাইছে সুকন্যা বৰাৰ মাটি-ফ্লেট । মৰিগাঁৱত ওলাইছে বিঘাই বিঘাই মাটি । মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে অভিযান চলাই সুকন্যাৰ প্ৰায় দহ কোটি টকাৰ স্থাৱৰ সম্পত্তিৰ নথি-পত্ৰ জব্দ কৰিছে । উল্লেখ্য় যে সুকন্যাই নিলম্বন হোৱাৰ আগলৈকে প্রায় ডেৰ বছৰ গুৱাহাটীৰ ভাৰপ্ৰাপ্ত জিলা উন্নয়ন আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁ উচ্চ ন্যায়ালয়ৰ পৰা আগতীয়া জামিন লাভত সক্ষম হৈছিল যদিও আয়ৰ বিপৰীতে সামঞ্জস্যহীন সম্পত্তিৰ তালিকা দেখি মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে ৮/২০২৩ নম্বৰত এটা গোচৰ ৰুজু কৰে । তাৰ ভিত্তিতে ঘৰত অভিযান চলোৱাৰ লগতে জেৰাৰ সন্মুখীন হৈছে সুকন্যা বৰা ।