অসম

assam

ETV Bharat / state

SCERT Scam: SCERT কেলেংকাৰীত জড়িত থকাৰ অভিযোগত সংবাদিক তথা RTI কৰ্মীসহ ৪ জনক গ্ৰেপ্তাৰ - ৰাজ্যৰ শিক্ষা বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰী

চৰ্চাত SCERT কেলেংকাৰী ৷ SCERT কেলেংকাৰীত জড়িত হৈ বৰ্তমানলৈকে সংবাদিক আৰু আৰ টি আই কৰ্মীসহ ৪ জনক গ্ৰেপ্তাৰ কৰা হৈছে (CM Vigilance Cell Arrests 4 Including Journalists and RTI Workers) ৷

CM Vigilance Cell Arrests 4 Including Journalists and RTI Workers In SCERT Scam
চৰ্চাত SCERT কেলেংকাৰি

By

Published : May 30, 2023, 10:21 PM IST

গুৱাহাটী, ৩০ মে’:ৰাজ্যৰ শিক্ষা বিভাগত সংঘটিত বিয়াগোম কেলেংকাৰীত জড়িত হৈ গ্ৰেপ্তাৰ হৈছে সাংবাদিক, আৰ টি আই কৰ্মীসহ ৪ জন লোক । মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষে দুই সাংবাদিক পূজা মণি দাস আৰু ভাস্কৰজ্যোতি হাজৰিকাৰ লগতে আৰ টি আই কৰ্মী ৰবিজিৎ গগৈ আৰু অনুপ শইকীয়ক আই এ এছ বিষয়া শেৱালী দেৱী শৰ্মাৰ স্বীকাৰ উক্তিৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে (CM Vigilance Cell Arrests 4 Including Journalists and RTI Workers)।

প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শোৱালি দেৱী শৰ্মাৰ পৰা পূজা মণি দাসে ৮ লাখ ৭০ হাজাৰ টকা, ভাস্কৰ হাজৰিকাই ৪ লাখ টকা, অনুপ শইকীয়া ৩৫ লাখ টকা লৈছিল । অনুপ শইকীয়াই লোৱা ৩৫ লাখ টকা ৰবিজিত গগৈৰ লগত ভাগ বতৰা হৈছিল । গ্ৰেপ্তাৰ হোৱাৰ তালিক আৰু দীঘল হোৱাৰ সম্ভাৱনা আছে ।

উল্লেখ্য যে, ইতিমধ্যে ডি এল এড পাঠ্যক্ৰমৰ নামত অসম ৰাজ্যিক শিক্ষা, গৱেষণা আৰু প্রশিক্ষণ পৰিষদত (এছ চি ই আৰ টি) সংঘটিত হোৱা ১০৫ কোটিটকীয়া কেলেংকাৰীত নজনকৈ অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে এছ চি ই আৰ টিৰ প্ৰাক্তন সঞ্চালক তথা আই এ এছ বিষয়া শোৱালি দেৱী শৰ্মা, এছ চি ই আৰ টিৰ মুক্ত দূৰ শিক্ষাৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক তথা নডেল বিষয়া ড° এল এন সোণোৱাল, গাণনিক জয়চন্দ্ৰ লহকৰ, ষ্টেন’গ্ৰাফাৰ ৰুবুল আলী, কনিষ্ঠ সহায়ক ৰমিজুদ্দিন, চার্টার্ড একাউনটেণ্ট সৰং ম'ৰে আৰু কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড শেৱালি দেৱী শৰ্মাৰ জোঁৱাই তথা ঠিকাদাৰ ৰাজেশ কুমাৰ যোশী, আন এজন জোঁৱায়েক অজিত পাল সিং আৰু ঠিকাদাৰ ৰুহুল আমিনক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে ।

ডি এল এড পাঠ্যক্ৰমৰ দূৰৱৰ্তী মুক্ত শিক্ষাৰ জৰিয়তে প্ৰশিক্ষণৰ নামত এছ চি ই আৰ টিত বৃহৎ জালিয়াতি সংঘটিত কৰিছিল তদানীন্তন সঞ্চালক শেৱালি দেৱী শৰ্মাই । ঠিকাদাৰৰূপী দুই জোঁৱাই ৰাজেশ কুমাৰ যোশী, অজিত পাল সিঙক সাৰথি কৰি এছ চি ই আৰ টিৰ এফালৰ পৰা ধনৰ লুণ্ঠন চলাই যায় শৰ্মাই । মুখ্যমন্ত্ৰীৰ তদাৰকী কোষৰ তদন্তত পোহৰলৈ আহে যে ২৭,৮৯৭ গৰাকী শিক্ষকৰ পৰিৱৰ্তে ১,০৬,৮২৮ গৰাকী শিক্ষকক ভুৱাকৈ প্ৰশিক্ষণ দিয়া দেখুৱাই ধন হৰলুকী কৰা হৈছিল ।

কাগজে-কলমে শিক্ষকক প্রশিক্ষণ দিয়া দেখুৱাই শেৱালি দেৱী শৰ্মাই ২০১৭ চনৰ পৰা ২০২২ চনলৈ সংগ্ৰহ কৰা ১০৫ কোটি টকা ব্যয় কৰাৰ হিচাপ দেখুৱায় । অকল সেয়াই নহয়, এছ চি ই আৰ টিৰ কার্যালয়ত শীতাতাপ নিয়ন্ত্ৰণ যন্ত্র, টয়লেট নির্মাণ, কাৰ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন কৰা দেখুৱাই ভুৱা বিলো দাখিল কৰে ।

তদুপৰি শেৱালি দেৱী শৰ্মাই দুই জোঁৱায়েকক নিবিদা অবিহনেই গতাই দিছিল কোটি কোটি টকাৰ ঠিকা । এনেবোৰ তথ্য পোহৰলৈ অহাৰ পিচতে তদাৰকী কোষে ৩/২০২৩ নম্বৰত গোচৰ ৰুজু কৰি পূৰ্বে ৯ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল ।

লগতে পঢ়ক :Formalin in Fish: চালানী মাছত ফৰ্মেলিনৰ অৱস্থিতি; গৱেষণাত ধৰা পৰিছে ভয়ংকৰ তথ্য

ABOUT THE AUTHOR

...view details