অসম

assam

By

Published : Aug 19, 2023, 9:06 PM IST

ETV Bharat / state

Lat Mandal Arrested in Guwahati : উৎকোচ লৈ হাত দাঙিবলগীয়া হ'ল আৰু এজন চৰকাৰী কৰ্মচাৰীয়ে

পুনৰ উৎকোচ লৈ হাত দাঙিবলগীয়া হ'ল এজন লাট মণ্ডলে ৷ উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ৰাজহ চক্ৰৰ লাট মণ্ডল অচ্যুৎ দাস ৷

CM Vigilance Arrested Lat Mandal Achyut Das
উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল লাট মণ্ডল

গুৱাহাটী, 19 আগষ্ট : টকাৰ খঁক নুগুচেহে নুগুচে একাংশ চৰকাৰী বিষয়া-কৰ্মচাৰীৰ ৷ ৰাজ্যৰ বিভিন্ন স্থানত দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত ইজনৰ পাছত সিজন দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰী গ্ৰেপ্তাৰ হোৱাৰ পাচতো একাংশৰ কমা নাই টকাৰ খঁক ৷ পুনৰ উৎকোচ লৈ হাত দাঙিবলগীয়া হ'ল এজন লাট মণ্ডলে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্নীতিৰ বিৰুদ্ধে অভিযান চলি থকাৰ সময়তে শনিবাৰে পুনৰ হাত দাঙিলে এজন লাট মণ্ডলে ৷ মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযানকাৰী দলে হাতে-লোটে গ্ৰেপ্তাৰ কৰে এজন ঘোচখোৰ লাট মণ্ডলক ৷

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ৰাজহ চক্ৰৰ লাট মণ্ডল অচ্যুৎ দাস

উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হ’ল গুৱাহাটী ৰাজহ চক্ৰৰ লাট মণ্ডল অচ্যুৎ দাস ৷ দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে উলুবাৰীস্থিত গুৱাহাটী ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে লাট মণ্ডলজনক ৷ লাট মণ্ডলজনে এজন লোকৰ পৰা মাটি-বাৰীৰ কামৰ বাবদ 9 হাজাৰ টকাৰ উৎকোচ দাবী কৰাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে তেওঁক ধৰা পেলোৱাৰ বাবে জাল পেলায় ৷

লাট মণ্ডলজনে লোকজনৰ পৰা দাবী কৰা উৎকোচৰ এটা অংশ হিচাপে 5 হাজাৰ টকা লোৱাৰ সময়তেই দুৰ্নীতি নিবাৰক শাখাই তেওঁক হাতে-লোটে ধৰা পেলায় ৷ এই সন্দৰ্ভত দুৰ্নীতি নিবাৰক শাখাই জনোৱা অনুসৰি লাট মণ্ডলজনে লোকজনৰ পৰা 9 হাজাৰ টকা দাবী কৰিছিল ৷ পিছত তেওঁ 4 হাজাৰ টকাৰ বিনিময়ত লোকজনৰ কামটো কৰি দিবলৈ মান্তি হয় ৷ কিন্তু লোকজনে লাট মণ্ডলজনক উৎকোচ দিয়াৰ পৰিৱৰ্তে দুৰ্নীতি নিবাৰক শাখাৰ কাষ চাপে ৷

লোকজনৰ অভিযোগৰ ভিত্তিতে দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে শনিবাৰে উলুবাৰীত থকা গুৱাহাটী ৰাজ চক্ৰ বিষয়াৰ কাৰ্যালয়ত জাল পেলায় লাট মণ্ডলজনক গ্ৰেপ্তাৰ কৰে ৷ গ্ৰেপ্তাৰৰ সময়ত হোৱা তালাচীত দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযোগকাৰী লোকজনে দিয়া 5 হাজাৰ টকাৰ উপৰিও লাট মণ্ডলজনৰ জেপত থকা নগদ 9,500 টকা জব্দ কৰে ৷

লগতে পঢ়ক :Indrani Tahbildar's Death Case : দ্বীবন ডেকা গ্ৰেপ্তাৰ হোৱাৰ পিছতে শনিবাৰে আৰু দুজনক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details