গুৱাহাটী, 31 অক্টোবৰ: "মই আশা কৰোঁ এনেকুৱা এটা শুভ দিনতে আমি হয়োতে আলফাৰ সৈতে শান্তি আলোচনা আগবঢ়াব পাৰিম ৷ আজিৰ এই অনুষ্ঠানৰ জৰিয়তে মই পুনৰ এবাৰ আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱা (ULFA I Chief Paresh Baruah) ডাঙৰীয়ালৈ অনুৰোধ কৰিম যে তেজৰ ফাকুৰে নহয় শান্তি আৰু আলাপ আলোচনাৰ মাজেৰে আমাৰ জাতিটোক আৰু আমাৰ এই মৰমী অসমক বিকাশৰ ক্ষেত্ৰত আগবঢ়াই নিব লাগিব ৷ আমি নিশ্চয় শান্তি আলোচনাৰ মাজেৰে সমস্যবোৰ সমাধান কৰিম ৷" অসমত শান্তি আৰু সুস্থিৰ বাতাবৰণ গঢ়াৰ হকে এই মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (CM urges Chief Paresh Baruah to join in peace talk) ৷
সন্ত্ৰাসবাদক পৰিহাৰ কৰি মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি আত্মসমৰ্পণ কৰা অসমৰ সন্ত্ৰাসবাদী সংগঠনৰ সদস্য সমূহক স্বাৱলম্বনৰ বাবে সোমবাৰে ৰাজ্য চৰকাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এককালীন আৰ্থিক সাহায্য প্ৰদান কৰে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱাত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা উপস্থিত থাকি ভাষণ প্ৰদান কৰি কয়,"মূলসুঁতিলৈ প্ৰত্যাৱৰ্তন কৰি আমাৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাৰ প্ৰতি আস্থা প্ৰকাশ কৰা ছয়টা সংগঠনৰ সদস্যৰ প্ৰতি আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত আয়োজিত আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই আনন্দিত হৈছোঁ’’ ৷
‘‘এই অনুষ্ঠানত পুনৰ সংস্থাপনৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰিবলৈ ইউ জি পি অ'ৰ ১২৭গৰাকী, টি এল এৰ ৭৪ গৰাকী, কে এন এল এৰ ৩৮ গৰাকী, কে এল এফৰ ৩৩গৰাকী, আলফাৰ ৩৫ গৰাকী, ডি এন এল এৰ ১১গৰাকীৰ সহিতে মুঠ ৩১৮ গৰাকী কেডাৰক ১.৫ লাখ টকাকৈ এককালীন আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে৷ আজিলৈকে এন ডি এফ বিৰ ৪২০৩, পি ডি চি কেৰ ৩৬৫, কে পি এল টিৰ ৯৭৪, ইউ পি এল এৰ ৩৫১, কে এল এন এল এফৰ ২৩৬, আলফাৰ ৮৭, ইউ পি আৰ এফৰ ২৯, আৰ এন এল এফৰ ২৮, এ ডি এফৰ ৮৮, এন এল এফ বিৰ (বেংগলী) ৩০৩ আৰু অন্যান্য ১৩ গৰাকী সহিতে মুঠ ৬৭৪০ গৰাকী মূলসুঁতিলৈ উভতি আহিছে ৷ এইসকল সংগঠনৰ প্ৰাক্তন কেডাৰক অসম চৰকাৰৰ আত্মসমৰ্পণ তথা পুনৰ সংস্থাপন আঁচনিৰ অধীনত পুনৰ সংস্থাপন দিয়া হৈছে৷ এন ডি এফ বি আৰু কাৰ্বি কেডাৰৰ ৩২৭৬গৰাকীক অসম আৰক্ষীৰ বিশেষ শাখাই এছ আই পি আৰ ডিৰ সহযোগত দক্ষতা বিকাশ প্ৰশিক্ষণ প্ৰদান কৰিছে" বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷