গুৱাহাটী, ৪ এপ্ৰিল: ৰঙালী বিহু উদযাপনত চান্দা সংস্কৃতি বন্ধ কৰাৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে বিহু কমিটিসমূহক সোমবাৰৰ পৰা প্ৰদান কৰিছে এককালীন আৰ্থিক সাহায্য (Financial assistance to Bihu committee) । ৰঙালী বিহুৰ পৰম্পৰাগত সাতবিহুৰ ভিতৰত বিগত ১০ বছৰে বিহু উদযাপন কৰি অহা মুঠ ১,২৬৭ খন বিহু কমিটিক ডেৰ লাখ টকাকৈ এককালীন সাহায্য আগবঢ়াব । বুধবাৰে গুৱাহাটী শংকৰদেৱৰ কলাক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে এককালীন সাহায্য প্ৰদান কাৰ্যসূচীৰ ।
অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ সহযোগত প্ৰদান কৰা হৈছে এই পুঁজি । উল্লেখ্য যে কামৰূপ(ম)ৰ ১৩৮খন, কামৰূপ(গ্ৰাম্য)ৰ ১৪২ খন কমিটিয়ে লাভ কৰিব আৰ্থিক সাহায্য । ঐতিহাসিক লতাশিল বিহু সন্মিলনীক আৰ্থিক সাহায্য প্ৰদানেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা । আৰ্থিক সাহায্য প্ৰদান কাৰ্যসূচীত মুখ্যমন্ত্ৰী শৰ্মাই কয়, বিহুৰ নামত জোৰকৈ দান-বৰঙনি লোৱাটো গ্ৰহণযোগ্য নহয় । কোনোবাই নিজে আনন্দিত হৈ বৰঙণি দিলে কথা নাই । প্ৰতিখন বিহু কমিটিকে এটাকৈ বিহুদল গঠনৰো আহ্বান জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
বিহু উদযাপনৰ এমাহৰ আগৰে পৰা এটাকৈ হুঁচৰি দল গঠন কৰিবলৈও আহ্বান জনালে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে বিহুক বিহু হিচাপে পালন কৰাৰ আহ্বান জনাই মুখ্যমন্ত্ৰীয়ে কয়, বিহুত থলুৱা গামোচা (Handloom Gamusa) ব্যৱহাৰ কৰাৰ লগতে বজাৰৰ পৰা কিনা মিঠাইৰ পৰিবৰ্তে লাৰু-পিঠাৰে অতিথিক আপ্যায়ন কৰাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে ৷ অসমৰ গামোচাই এটা মান্যতা পোৱাটো কামনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷