অসম

assam

ETV Bharat / state

Bhutan Kurichu Dam water release: "ভূটানে লাহে লাহে এৰিছে বান্ধৰ পানী"-মুখ্যমন্ত্ৰীৰ আশ্বাস - মুখ্যমন্ত্ৰীৰ আশ্বাস

ৰাজ্যৰ প্ৰথমটো বানৰ পিচতে জলপ্ৰলয়ৰ আশংকাত ত্ৰস্ত হৈছে নামনিৰ জনসাধাৰণ ৷ এই সন্দৰ্ভত ৰাজ্যবাসীক আশ্বাস মুখ্যমন্ত্ৰীৰ ৷

CM tweet on bhutan Kuricho Dam water release
"ভূটানে লাহে লাহে এৰিছে বান্ধৰ পানী"-মুখ্যমন্ত্ৰীৰ আশ্বাস

By

Published : Jul 14, 2023, 7:46 PM IST

গুৱাহাটী, ১৪ জুলাই : অসমৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ কুৰিশ্বু বান্ধ আৰু ৰাষ্ট্ৰখনৰ পৰা বৈ অহা আন নৈৰ পানীয়ে নামনি অসমৰ জনজীৱন বিভীষিকাময় কৰি তুলিছে ৷ যোৱা নিশা ১২ বজাৰ পৰা ভূটানে এৰিছে নদী বান্ধটোৰ পানী। পুৱা ৯ বজালৈ মুঠ ৯ ঘণ্টা সময় বান্ধৰ পানী এৰি দিয়াৰ কথা আছিল যদিও অদ্যপি বান্ধটোৰ পানী এৰাৰ কাৰ্য কি পৰ্যায়ত আছে সেয়া জানিব পৰা হোৱা নাই ৷

ইয়াৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভূটানৰ পৰা পানী এৰাৰ সন্দৰ্ভত এক টুইট কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ বানাক্ৰান্তসকলক আস্বস্ত কৰাৰ উদ্দেশ্যে টুইটটোত সদৰী কৰে যে, ভূটানৰ কুৰিশ্বু বান্ধ কৰ্তৃপক্ষই পুৱাৰে পৰা অতি সাৱধানেৰে অতিৰিক্ত পানী এৰি দিছে । ইয়াৰ বাবে শংকিত হোৱাৰ প্ৰয়োজন নাই। প্ৰতিবেদন অনুসৰি প্ৰকল্পটোৰ উজনিৰ অংশত ভূটানত বতৰ কালিতকৈ যথেষ্ট উন্নত হৈছে। সেয়ে নামি অহা পানীৰ বৰ বেছি নহ’ব ৷ এই সন্দৰ্ভত ৰাজ্য চৰকাৰে সকলোখিনি সুক্ষ্মভাৱে পৰ্যালোচনা কৰিছে।

লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে টুইটাৰত সংলগ্ন কৰিছে বাক্সা জিলা প্ৰশাসনে সদৰী কৰা পুৱা ৮ বজাত জিলাখনৰ নদীসমূহৰ জলস্তৰৰ প্ৰতিবেদন ৷ সেই প্ৰতিবেদন অনুসৰি বেকী আৰু মৰা পাগলাদিয়াত বানৰ জলস্তৰ কমিছে। কালদিয়া নদীত এতিয়াও পানী বাঢ়িয়েই আছে ৷ পহুমাৰা নদীত পানী কিছু পৰিমাণে স্থিৰ হৈ একে অৱস্থাতে আছে ৷ কেইবাখনো নদীত কিন্তু বিপদ সীমাৰ সামান্য তলেৰে পানী বৈ আছে ৷

উল্লেখযোগ্য যে, এইবাৰ নামনি অসমৰ নলবাৰী, বাক্সা, বজালী আৰু চিৰাং জিলাত ভূটানৰ পানীয়ে প্ৰলয়ংকৰী বানৰ সৃষ্টি কৰিছে ৷ এইটো বছৰৰ দ্বিতীয়টো বানত ককবকাইছে অঞ্চলটোৰ লোকসকলে ৷ ইতিমধ্যে ভূটানৰ কুৰিশ্বু বান্ধৰ পানী এৰি দিয়াৰ পেৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে নিশাই প্ৰশাসনে হাই এলাৰ্ট জাৰি কৰি বাক্সাৰ শালবাৰীৰ নৈৰ দুপাৰৰ অঞ্চলৰ জনসাধাৰণক সতৰ্ক কৰি দিছিল ৷ বৰ্তমানলৈ ৬ খন গাঁৱৰ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি জানিব পৰা গৈছে ৷

এতিয়া প্ৰশ্ন হৈছে মুখ্যমন্ত্ৰী টুইটাৰযোগে অত্যাধিক বিপদৰ আশংকা নকৰিবলৈ কৰা আহ্বানে বৰপেটা, নলবাৰী, বাক্সা, চিৰাং জিলাৰ ৰাইজক আস্বস্ত কৰিব পাৰিবনে ? কিয়নো ইতিমধ্যেই কেইবাখন জিলাতেই ভূটানৰ কুৰিশ্বু বান্ধ আৰু তাৰ পৰা বৈ অহা আন নদীৰ বানপানীয়ে ৰাইজক জলপ্ৰলয়ৰ তিক্ত অভিজ্ঞতা দিয়াৰ লগতে জনজীৱন দুৰ্বিসহ কৰি তুলিছে ৷

লগতে পঢ়ক:Assam CM on Bhutan Kurichu Dam water release: ভূটানে খুলিলে কুৰিশ্ব’ বান্ধৰ পানী, ফেনেফুটুকাৰে ওফন্দিব বেকী-মানাহ: মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী

ABOUT THE AUTHOR

...view details