অসম

assam

ETV Bharat / state

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস

বৃহস্পতিবাৰে উদযাপন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস ৷ সেই উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় শিক্ষক দিৱসৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস

By

Published : Sep 5, 2019, 9:22 PM IST

গুৱাহাটী,5ছেপ্টেম্বৰঃ বৃহস্পতিবাৰে উদযাপন কৰা হয় ৫৮ সংখ্যক শিক্ষক দিৱস ৷ সেই উপলক্ষ্যে ৰাজ্য চৰকাৰৰ উদ্যোগত কলাক্ষেত্ৰত ৰাজ্যিক ভিত্তিত অনুষ্ঠিত হয় শিক্ষক দিৱসৰ অনুষ্ঠান ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য ৷ ইপিনে এই কেন্দ্ৰীয় অনুষ্ঠানতে বাক্সাৰ গিৰিশ বিদ্যাপীঠলৈ শ্ৰেষ্ঠ বিদ্যালয়ৰ সন্মান প্ৰদান কৰে ৰাজ্য চৰকাৰে ৷ আনহাতে এই অনুষ্ঠানত ভাষণ প্ৰসংগত প্ৰতিবাদত বহা শিক্ষকৰ কথা উল্লেখ কৰে মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ৷ তেওঁলোকে পূৰ্বতে কৰা ভুল নিযুক্তি প্ৰক্ৰিয়াৰ বাবে সমস্যাত পৰিছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে ৷

ৰাজ্য চৰকাৰৰ উদ্যোগত উদযাপন কৰা হয় 58 সংখ্যক শিক্ষক দিৱস


ইপিনে এই অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে শিক্ষা বৃত্তিক শিক্ষক সমাজক সাধনা হিচাপে লবলৈ আহ্বান জনায় ৷ তেওঁ লগতে কয় যে আমাৰ মানৱ সম্পদলৈ প্ৰত্যাহ্বান কঢ়িয়াইছে ড্ৰাগছে ৷ ড্ৰাগছ, অন্ধবিশ্বাস এইবোৰ সংস্কাৰৰ বাবে শিক্ষক সমাজে দায়িত্ব ল'ব লাগিব ৷ উল্লেখ্য যে বৃহস্পতিবাৰৰ এই অনুষ্ঠানত 36 জন শিক্ষকলৈ ৰাজ্যিক কৃতি শিক্ষক বঁটা প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে ।

ABOUT THE AUTHOR

...view details