অসম

assam

By

Published : Nov 2, 2020, 10:31 PM IST

ETV Bharat / state

অসম-মিজোৰাম সীমান্তৰ পৰিস্থিতি জনাই গৃহমন্ত্ৰীলৈ সোণোৱালৰ চিঠি

শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ আজি কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতেও এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । একে সময়তে তেওঁ সোমবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো অশান্তজৰ্জৰ সীমান্ত অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়ে ‌।

cm sonowal
cm sonowal

গুৱাহাটী, ২ নৱেম্বৰ : অসম-মিজোৰাম সীমান্তৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰি সোমবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এখন পত্ৰ প্ৰেৰণ কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহলৈ । আনহাতে শেহতীয়াকৈ উদ্ভৱ হোৱা পৰিস্থিতিৰ বুজ ল’বলৈ আজি কাছাৰ জিলাৰ উপায়ুক্তৰ সৈতেও এক ভিডিঅ' কনফাৰেঞ্চত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । একে সময়তে তেওঁ সোমবাৰে মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তকো অশান্তজৰ্জৰ সীমান্ত অঞ্চললৈ যাবলৈ নিৰ্দেশ দিয়ে ‌। মিজোৰাম সীমান্তত মিজো দুস্কৃতিকাৰীৰ হাতত প্ৰাণ হেৰুওৱা ইনতাজুল লস্কৰৰ পৰিয়াললৈ ৫ লাখ টকাৰ এককালিন সাহাৰ্যও মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে ।

ABOUT THE AUTHOR

...view details