অসম

assam

ETV Bharat / state

ৰাজ্য়ৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰে সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ - CM video conference with DC SP

সোমবাৰে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্ত সৈতে ভিডিঅ' কনফাৰেঞ্চত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সাম্প্ৰতিক সময়ত ৰাজ্যত কৰ'ণা ভাইৰাছৰ প্ৰতিৰোধ আৰু সজাগতাৰ বিষয়ে ভিডিঅ' কনফাৰেঞ্চযোগে বুজ লয় মুখ্যমন্ত্ৰীয়ে ৷

গুৱাহাটী
ৰাজ্য়ৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰে সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

By

Published : Mar 23, 2020, 7:12 PM IST

গুৱাহাটী, ২৩ মাৰ্চঃ ৰাজ্যৰ সকলো জিলাৰ আৰক্ষী অধীক্ষক আৰু উপায়ুক্তৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সোমবাৰে দিছপুৰৰ পৰাই ভিডিঅ' কনফাৰেঞ্চত ভাগ লৈ কৰ'ণা প্ৰতিৰোধ আৰু সজাগতা সন্দৰ্ভত বুজ লয় । কোনো ক্ষেত্ৰতে যাতে কতো ত্ৰুটি ৰৈ যাব নোৱাৰে তাৰ বাবে ব্যৱস্থা ল'বলৈ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

ৰাজ্য়ৰ উপায়ুক্ত-আৰক্ষী অধীক্ষকৰে সৈতে মুখ্যমন্ত্ৰীৰ ভিডিঅ' কনফাৰেঞ্চ

লগতে ল'ক ডাউনৰ সময়ত জনসাধাৰণৰ যাতে কোনোধৰণৰ অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সেৱা সমূহ চলাই ৰাখিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে ।

আৰু পঢ়কঃ লক ডাউনৰ বাতৰিৰ পাচতেই আতংকময় পৰিৱেশ ধুবুৰীত

ABOUT THE AUTHOR

...view details