বাইহাটা,27 ফেব্ৰুৱাৰী:শনিবাৰে ৰাজ্যবাসীয়ে গভীৰভাৱে মহাবীৰ চিলাৰায়ক স্মৰণ কৰে ৷ মহাবীৰ চিলাৰায়ৰ 511 সংখ্যক জন্ম জয়ন্তী উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ উদ্যোগত কোঁচ ৰাজবংশী সন্মিলনীৰ সহযোগত আমিনগাঁও চিলাৰায় উদ্যানত মহাবীৰ গৰাকীৰ 511 সংখ্যক জন্ম জয়ন্তীৰ আয়োজন কৰা হয় ৷
আমিনগাঁৱৰ চিলাৰায় দিৱসত উপস্থিত হৈ বীৰ চিলাৰায়ৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পন কৰি মুখ্যমন্ত্ৰী সোণোৱালে মহাবীৰ গৰাকীক স্মৰণ কৰে ৷ বীৰ গৰাকীক স্মৰণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, বীৰ চিলাৰায়ে যেনেদৰে মহাপুৰুষ গুৰুজনাৰ আদৰ্শৰে বৰ অসম প্ৰতিষ্ঠা কৰিছিল ঠিকে সেইদৰে আমিও গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ বিশ্বৰ বুকুত অসমক প্ৰতিষ্ঠা কৰিম ।