গুৱাহাটী, ১৮ অক্টোবৰ : অসম-মিজোৰাম সীমান্তত উদ্ভৱ হোৱা অশান্ত পৰিস্থিতিৰ বিষয়ে দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ মন্ত্ৰণালয়ক টেলিফোন যোগে অৱগত কৰে । কেৱল ইমানেই নহয়, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতেও দীৰ্ঘ সময়জুৰি সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত টেলিফোনত বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।
মিজোৰাম সীমান্তৰ পৰিস্থিতি প্ৰধানমন্ত্ৰী তথা গৃহ মন্ত্ৰণালয়ক জনালে সোণোৱালে
সীমান্তত উদ্ভৱ হোৱা অশান্ত পৰিস্থিতিৰ বিষয়ে দেওবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু গৃহ মন্ত্ৰণালয়ক টেলিফোন যোগে অৱগত কৰে । কেৱল ইমানেই নহয়, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ সৈতেও দীৰ্ঘ সময়জুৰি সীমান্তৰ পৰিস্থিতি সন্দৰ্ভত টেলিফোনত বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰী সোণোৱালে ।
assam mizoram border dispute
সীমান্তত সৃষ্টি হোৱা অশান্ত পৰিস্থিতি দূৰ কৰিবলৈ দুয়োখন ৰাজ্যই সমিলমিলেৰে আগবাঢ়ি যোৱাৰো পোষকতা কৰে । টেলিফোনিক বাৰ্তালাপত মিজোৰামৰ মুখ্যমন্ত্ৰী গৰাকীয়ে আশ্বাস দিয়ে সীমান্তৰ উত্তেজনা প্ৰশমনৰ বাবে চুবুৰীয়া ৰাজ্যখনে সকলো পদক্ষেপ গ্ৰহণ কৰিব ।
লগতে পঢ়ক :অসম-মিজোৰাম সীমান্তত উত্তেজনা; প্ৰশাসনৰ সান্ধ্যআইন জাৰী