গুৱাহাটী, 13 নৱেম্বৰ: দীপাৱলীৰ উপলক্ষ্য়ে শুকুৰবাৰে মহানগৰীৰ কামাখ্য়াৰ পদপথৰ দোকানৰ পৰা সামগ্ৰী ক্ৰয় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মহানগৰীৰ কামাখ্যা গেটৰ চাকিৰ বজাৰত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন ধৰণৰ মাটিৰ চাকি ক্ৰয় কৰে । থলুৱা শিল্পীৰ দ্বাৰা প্ৰস্তুত 200 টা মাটিৰ চাকি ক্ৰয় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।
কামাখ্যাত পদপথৰ পৰা মাটিৰ চাকি ক্ৰয় মুখ্যমন্ত্ৰীৰ - মাটিৰ চাকি
মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মিত চাকি সকলোকে ক্ৰয় কৰিবলৈ আহ্বান জনায় ।
![কামাখ্যাত পদপথৰ পৰা মাটিৰ চাকি ক্ৰয় মুখ্যমন্ত্ৰীৰ CM SONOWAL BUY EARTHENWARE IN KAMAKHYA](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9536182-thumbnail-3x2-cm.jpg)
কামাখ্যাত পদপথৰ পৰা মাটিৰ চাকি ক্ৰয় মুখ্যমন্ত্ৰীৰ
কামাখ্যাত পদপথৰ পৰা মাটিৰ চাকি ক্ৰয় মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰীৰ সৈতে একেলগে চাকি ক্ৰয় কৰে মন্ত্ৰী পীয়ুষ হাজৰিকায়ো । মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে থলুৱা শিল্পীৰ দ্বাৰা নিৰ্মিত চাকি সকলোকে ক্ৰয় কৰিবলৈ আহ্বান জনায়। থলুৱা উৎপাদনকাৰীক উৎসাহিত কৰাৰ বাবে ৰাইজক এনে পদক্ষেপ ল'বলৈ কয় মুখ্যমন্ত্ৰী গৰাকীয়ে। ইফালে মুখ্যমন্ত্ৰীয়ে নিজে উপস্থিত হৈ মাটিৰ চাকি ক্ৰয় কৰাৰ বাবে উৎফুল্লিত হৈ পৰে থলুৱা শিল্পী তথা বিক্ৰেতা মনোৰঞ্জন বৈশ্য, সাবিত্ৰী দাস আৰু মামতী বৰুৱা ।
লগতে পঢ়ক: নিৰ্বাচন সমুখতঃ বাজেটৰ পুঁজি ব্যয়ত দিনে-নিশাই তৎপৰতা