অসম

assam

ETV Bharat / state

মুখ্যমন্ত্রীৰ সাহাৰ্য পুঁজিলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্রৰ বৰঙণি - মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্রৰ বৰঙণি

বিগত বৰ্ষৰ দৰে এইবাৰো ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু আৰোগ্য নিধিলৈ দান-বৰঙণি আগবঢ়াবলৈ চৰকাৰে ৰাইজৰ প্ৰতি আহ্বান জনাইছে । বিগত বৰ্ষত ৰাইজে মুক্ত মনেৰে দান-বৰঙণি আগবঢ়াইছিল যদিও এইবাৰ বিষয়টোলৈ বিশেষভাৱে সমালোচনাহে হোৱা পৰিলক্ষিত হৈছে ।

CM RELIEF FUND
মুখ্যমন্ত্রীৰ সাহায্য পুঁজিলৈ হিমন্ত বিশ্ব শৰ্মাৰ পুত্রৰ বৰঙণি

By

Published : May 19, 2021, 4:21 PM IST

গুৱাহাটী, ১৯ মে': বিগত বৰ্ষত স্বাস্থ্যমন্ত্রী হিচাপে আৰু এইবাৰ মুখ্যমন্ত্ৰী হিচাপে ড৹ হিমন্ত বিশ্ব শৰ্মাই ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজি আৰু আৰোগ্য নিধিলৈ দান-বৰঙণি আগবঢ়াবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাইছে । বিজ্ঞাপন আকাৰেও দান-বৰঙণিৰ বাবে আহ্বান জনোৱা হৈছে ।

বিগত বৰ্ষত সকলো স্তৰৰ ৰাইজে নিজৰ সামৰ্থ অনুযায়ী বৰঙণি আগবঢ়াইছিল। কিন্তু এইবাৰ এই আহ্বানৰ পিছতে বিষয়টোকলৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিশেষকৈ সামাজিক মাধ্যমত বিষয়টোৱে বিশেষ চৰ্চা লাভ কৰিছে। গৰিষ্ঠ সংখ্যক লোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বিগত বৰ্ষত ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ ৰাইজে মুক্তহস্তে আগবঢ়োৱা দান-বৰঙণিৰ সম্পূৰ্ণ হিচাপ তথা তথ্য বিচাৰিছে ।

বিগত বছৰত কিমান ধন সংগৃহীত হৈছিল, সেই ধন ক’ত কেনেকৈ ব্যৱহাৰ কৰা হ’ল আৰু মুখ্যমন্ত্ৰী সাহাৰ্য আৰু আৰোগ্য নিধিত ৰাইজে বৰঙণি দিয়া কিমান ধন জমা আছে আদি সকলো হিচাপ বিচাৰিছে বিভিন্নজনে । অৱশ্যে চৰকাৰীভাৱে এতিয়ালৈকে এইক্ষেত্রত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।

কিন্তু বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ পুত্ৰই সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ কথা চ’ছিয়েল মিডিয়াৰ যোগেদি ৰাজহুৱা কৰে ।

মুখ্যমন্ত্রীয়ে চ'ছিয়েল মিডিয়াত দিয়া এই পোষ্টটোক লৈয়ো প্ৰতিক্ৰিয়া হৈছে । অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীয়ে চ’ছিয়েল মিডিয়াযোগে নিজৰ লগতে পুত্ৰৰ বাবে ৰাজনৈতিক আৱেগ সৃষ্টিৰে মাইলেজ বৃদ্ধি কৰাতহে গুৰুত্ব প্ৰদান কৰিছে । বুধবাৰে পুৱাৰ ভাগত কোটিপতি মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিলৈ ২,০০০ টকাৰ বৰঙণি আগবঢ়ায় আৰু এই কথা খোদ মুখ্যমন্ত্ৰীয়ে নিজ টুইটাৰ আৰু ফেচবুকযোগে প্ৰকাশ কৰে ।

ইয়াৰ পিছতে চ’ছিয়েল মিডিয়াত বিভিন্ন জনে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । বহুতে কোটিপতি মুখ্যমন্ত্ৰীৰ পুত্ৰই মাত্ৰ ২,০০০ টকাহে বৰঙণি আগবঢ়োৱা বুলি কটাক্ষ কৰাও দেখা গৈছে ।

উল্লেখ্য যে ২০২০ বৰ্ষত অসমৰ ৰাইজে ক'ভিডেৰে মোকাবিলা কৰিবলৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজি আৰু আৰোগ্য নিধিলৈ যিদৰে মুক্তহস্তে দান বৰঙণি আগবঢ়াইছিল তাৰ তুলনাত এইবাৰ সেই উছাহ আৰু আগ্ৰহ দুয়োটাই পৰিলক্ষিত হোৱা নাই। বহুতে ক'ব খোজে যে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি ৰাইজে কোনো সঁহাৰি নজনোৱাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাই পুত্ৰই আগবঢ়োৱা সাহাৰ্যৰ দ্বাৰা চ’ছিয়েল মিডিয়াৰ যোগেদি আৱেগৰ এক জোৱাৰ সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছে।

লগতে পঢ়ক:শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত ক’ভিড-19ৰ গণ সংক্ৰমণ

ABOUT THE AUTHOR

...view details