গুৱাহাটী,7 মাৰ্চঃশনিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হয় সৌৰ শক্তি প্ৰকল্প চুক্তি স্বাক্ষৰ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত স্বাক্ষৰিত হয় তিনিখনকৈ চুক্তি ৷ চুক্তিকেইখন ক্ৰমে-উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ব শাসিত পৰিষদৰ 70 মেগাৱাটৰ প্ৰকল্প চুক্তি, আমগুৰি সৌৰ উদ্যানত 70 মেগাৱাটৰ প্ৰকল্পৰ চুক্তি, জেকচন পাৱাৰ PVT LTD ৰ সৈতে APDCLৰ চুক্তি ৷ উক্ত অনুষ্ঠানতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে APDCL ৰেভিনিউ চিষ্টেম মুকলি কৰে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোলাৱৰ লগতে উপস্থিত থাকে NC হিলচৰ CEM দেবলাল গাৰলোচাৰ আৰু APDCL কৰ্তৃপক্ষ ৷
তিনিখনকৈ সৌৰ শক্তি প্ৰকল্প চুক্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ - সৌৰ শক্তি প্ৰকল্প চুক্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ
শনিবাৰে জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত অনুষ্ঠিত হয় সৌৰ শক্তি প্ৰকল্প চুক্তি স্বাক্ষৰ অনুষ্ঠান ৷ উক্ত অনুষ্ঠানত স্বাক্ষৰিত হয় তিনিখনকৈ চুক্তি ৷
তিনিখনকৈ সৌৰ শক্তি প্ৰকল্প চুক্তিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ স্বাক্ষৰ