গুৱাহাটী, 16 অক্টোবৰ: অহা 10 ডিচেম্বৰত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া ‘শ্বহীদ স্মাৰক’ৰ নিৰ্মাণকাৰ্য ৷ শুকুৰবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এক পৰ্যালোচনা বৈঠকত ভাগ লৈ এই ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ আনহাতে অহা 10 ডিচেম্বৰত একেদিনাই উন্মোচন কৰা হ'ব অসম আন্দোলনৰ পটভূমিত যুগুত কৰা চাৰিটা খণ্ডবিশিষ্ট তথ্যসমৃদ্ধ গ্ৰন্থখনৰ প্ৰথমটো খণ্ড ৷ উল্লেখ্য যে,বিগত বৰ্ষৰ শ্বহীদ দিৱসত আধাৰশিলা স্থাপন কৰা হৈছিল এই শ্বহীদ স্মাৰক উদ্যানৰ ৷
শ্বহীদ দিৱসৰ দিনাই "শ্বহীদ স্মাৰক" নিৰ্মাণৰ শুভাৰম্ভ কৰিব সোণোৱালে - CM Sarbananda Sonowal will inagurated swahid memorial
গুৱাহাটীৰ পশ্চিম বৰাগাঁৱৰ শ্বহীদ স্মাৰক উদ্যানত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত নিৰ্মাণ কৰিবলগীয়া ‘শ্বহীদ স্মাৰক’ৰ নিৰ্মাণকাৰ্য ৷
![শ্বহীদ দিৱসৰ দিনাই "শ্বহীদ স্মাৰক" নিৰ্মাণৰ শুভাৰম্ভ কৰিব সোণোৱালে CM Sarbananda Sonowal will inagurated swahid memorial](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9201560-thumbnail-3x2-p1.jpg)
শ্বহীদ দিৱসৰ দিনাই "শ্বহীদ স্মাৰক" নিৰ্মাণৰ শুভাৰম্ভ কৰিব সোণোৱালে
শ্বহীদ দিৱসৰ দিনাই "শ্বহীদ স্মাৰক" নিৰ্মাণৰ শুভাৰম্ভ কৰিব সোণোৱালে
ইপিনে যোগীঘোপাস্থিত অশোক কাগজ কলৰ স্থানত অহা 20 অক্টোবৰত শুভাৰম্ভ কৰা হ'ব 'মাল্টিমডেল লজিষ্টিক্স পাৰ্ক'নিৰ্মাণৰ কাম ৷ অশোক কাগজ কলতকৈ প্ৰায় 10 গুণ বৃহৎ এই প্ৰকল্পই নামনি অসমৰ অৰ্থনৈতিক ক্ষেত্ৰখনত বিশেষ প্ৰভাৱ পেলাব ৷ শুকুৰবাৰে অসম চুক্তি ৰূপায়ণ বিভাগৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷
লগতে পঢ়কঃইটিভি ভাৰতৰ বাতৰিৰ প্ৰভাৱঃ শালপাৰাৰ বনজ সম্পদ ধ্বংসকাৰীৰ বিৰুদ্ধে বন বিভাগৰ গোচৰ