গুৱাহাটী, 5 মে':মঙলবাৰে গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । দক্ষতা বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে কেনে ব্যৱস্থা গ্ৰহণ কৰিছে, সেই সন্দৰ্ভত বুজ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । লগতে কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীৰ সৈতে মত বিনিময় কৰে মন্ত্ৰী গৰাকীয়ে । এই অনুষ্ঠানৰ পিচতেই সাংবাদিকৰে হোৱা মত বিনিময়ত ৰাইজৰ সেৱাৰ্থে চৰকাৰে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । ইয়াৰোপৰি তেওঁ কয় যে, ৰাজ্য চৰকাৰৰ সকলো বিভাগে ঐক্যবদ্ধভাৱে দিনে নিশাই কাম কৰি গৈছে । পৰিবহণ বিভাগেও লক্ ডাউনৰ সময়চোৱাত উল্লেখনীয় পদক্ষেপ হাতত লোৱা বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
অসম দক্ষতা বিকাশ অভিযানৰ কাৰ্যালয় পৰিদৰ্শন মুখ্যমন্ত্ৰী সোণোৱালৰ - সৰ্বানন্দ সোণোৱাল
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে গড়চুকস্থিত অসম দক্ষতা বিকাশ অভিযানৰ মুখ্য কাৰ্যালয় পৰিদৰ্শন কৰে । দক্ষতা বিকাশৰ ক্ষেত্ৰত কেন্দ্ৰটোৱে গ্ৰহণ কৰা ব্যৱস্থাৰ সন্দৰ্ভত বুজ লোৱাৰ লগতে, সাম্প্ৰতিক সময়ত অসম চৰকাৰৰ দ্বাৰা লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।
প্ৰায় ৪৫২ খন ৰে'লৰ যোগেদি 5 লাখ মেট্ৰিক টন চাউল অসমলৈ অনা হৈছে । এই চাউলখিনি ৫৩১১৮ খন ট্ৰাকেৰে ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ প্ৰেৰণ কৰা হৈছে । তাৰোপৰি উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তলৈও পৰিবহণ বিভাগে অত্যাৱশ্যকীয় সামগ্ৰী প্ৰেৰণ কৰিছে । ইফালে বহিঃৰাজ্যত আবদ্ধ লোকসকলক অনাৰ ক্ষেত্ৰতো পৰিবহণ বিভাগে বিশেষ পদক্ষেপ ল'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । ইয়োৰোপৰি মহামাৰী কৰ'ণাক ধেমালি হিচাপে নল'বলৈ আহ্বান মুখ্যমন্ত্ৰী গৰাকীৰ । লগতে কৰ'ণাৰ এই যুঁজত সকলোৰে সহযোগিতা বিচাৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । শিক্ষাবৰ্ষ যাতে নষ্ট নহয় তাৰ বাবে ৰাজ্যৰ শিক্ষা বিভাগেও গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে বুলি উল্লেখ কৰে তেওঁ । ইয়াৰোপৰি অৰ্থনৈতিক দিশটো টনকীয়াল কৰিবলৈও চৰকাৰে উপযুক্ত পদক্ষেপ হাতত লোৱা বুলি উপযুক্ত পদক্ষেপ হাতত লোৱা বুলি জনায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।
লগতে পঢ়কঃকামৰূপ কৃষি কেলেংকাৰীঃ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ !