গুৱাহাটী, ৭ জুনঃ নতুন যুৱ উদ্যোগীসকলক উৎসাহ আৰু সহায়ৰ হাত আগবঢ়াবলৈ অসম চৰকাৰে আৰম্ভ কৰা ষ্টাৰ্ট আপৰ কাৰ্যালয় "নেষ্ট"লৈ আহি, নতুন উদ্যোগীসকলৰ সফলতাৰ কাহিনী শুনে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । মুখ্যমন্ত্ৰীক সংগ দিয়ে ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । দেওবাৰে গুৱাহাটীৰ আমবাৰীস্থিত "নেষ্ট"ৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীয়ে "উদ্যম অসম" নামৰ এক নতুন মঞ্চও মুকলি কৰে ।
ষ্টাৰ্ট আপৰ সফলতাৰ বুজ ল'লে মুখ্যমন্ত্ৰী সোণোৱালে - ষ্টাৰ্ট আপ
দেওবাৰে গুৱাহাটীৰ আমবাৰীস্থিত "নেষ্ট"ৰ কাৰ্যালয়লৈ আহি নতুন উদ্যোগীসকলৰ সফলতাৰ কাহিনী শুনাৰ লগতে, "নেষ্ট"ৰ কাৰ্যালয়ত "উদ্যম অসম" নামৰ এক নতুন মঞ্চ মুকলি কৰে মুখ্যমন্ত্ৰী সৰ্বনন্দ সোণোৱালে ৷
উদ্যম অসম নামেৰে আৰম্ভ কৰা এই নতুন মঞ্চত ষ্টাৰ্ট আপৰ জৰিয়তে নিজৰ সপোন বাস্তৱায়িত কৰিব খোজা নতুন প্ৰজন্মৰ উদ্যোগীসকলে, নিজৰ নাম পঞ্জীয়ন কৰাৰ লগতে চৰকাৰৰ পৰা সা সুবিধাও গ্ৰহণ কৰিব পাৰিব । আজিৰ এই অনুষ্ঠানতে ইতিমধ্যে ষ্টাৰ্ট আপৰ জৰিয়তে সাফল্যৰ ধ্বজা উৰুৱাবলৈ সক্ষম হোৱা কেইবাগৰাকীও থলুৱা যুৱ উদ্যোগীক ৰাজ্য চৰকাৰৰ ফালৰ পৰা এককালীন সাহায্যও আগবঢ়োৱা হয় । আনহাতে, অসম চৰকাৰৰ এই ষ্টাৰ্ট আপৰ সৈতে আগন্তুক দিনবিলাকত একেলগে কাম কৰি যাবলৈ দুটাকৈ বৈদেশিক প্ৰতিষ্ঠানৰ সৈতে আজি স্বাক্ষৰ কৰা হয় বুজাবুজিৰ চুক্তিও ।
লগতে পঢ়কঃস্বাস্থ্য পৰিকাঠামো ব্যৱহাৰ সংক্ৰান্তীয় প্ৰতিবেদনক লৈ দিল্লী কেবিনেটৰ বৈঠক