অসম

assam

ETV Bharat / state

তৰুণ গগৈৰ স্বাস্থ্যৰ খবৰ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

ক্ৰমাৎ সুস্থিৰ হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্যৰ অৱস্থা ৷ গগৈৰ স্বাস্থ্যৰ বুজ লবলৈ গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷

CM Sarbananda Sonowal visited GMCH guwahati assam etv bharat news
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

By

Published : Nov 5, 2020, 4:52 PM IST

গুৱাহাটী,5 নৱেম্বৰ:দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে চিকিৎসাধীন হৈ আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ সম্প্ৰতি সংকটমুক্ত যদিও গগৈয়ে চিকিৎসা গ্ৰহণ কৰি আছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৷ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ লোৱাৰ উদ্দেশ্যে বৃহস্পতিবাৰে চিকিৎসা মহাবিদ্যালয় হাস্পতালখনত উপস্থিত হয় বৰ্তমানৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ চিকিৎসাধীন গগৈক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ সম্প্ৰতি এটি বিশেষ চিকিৎসকৰ দলে গগৈৰ স্বাস্থ্যৰ তদাৰক কৰি থকাৰ কথা ব্যক্ত কৰে সোণোৱালে ৷

পুত্ৰ হিচাপে গগৈৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সোণোৱালে

তদুপৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তৰুণ গগৈ সকলোতকৈ জ্যেষ্ঠ ব্যক্তি হিচাপে স্বীকৃতি প্ৰদান কৰি এগৰাকী পুত্ৰ হিচাপে খবৰ লবলৈ চিকিৎসালয়লৈ অহা বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ৷

লগতে চাওকঃগুৱাহাটী মহানগৰীত জ্বলিল মুখ্যমন্ত্ৰী-যোগানমন্ত্ৰীৰ প্ৰতিকৃতি

ABOUT THE AUTHOR

...view details