অসম

assam

By

Published : Oct 3, 2020, 10:44 PM IST

ETV Bharat / state

ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত মুখ্যমন্ত্ৰী সোণোৱালৰ অংশ গ্ৰহণ

অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ বৈঠকত অংশ লৈ তেওঁ ইউনিফাইড কমাণ্ড ব্যৱস্থাৰ ভূমিকা সন্দৰ্ভত মন্তব্য আগবঢ়ায় ৷

CM Sarbananda Sonowal in the inauguration of Unified Command Structure Strategy Group
ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

নিউজ ডেস্ক,3 অক্টোবৰ : শনিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত ইউনিফাইড কামাণ্ড ষ্ট্ৰাকশ্বাৰৰ ষ্ট্ৰেটেজি গ্ৰুপৰ উদ্বোধনী বৈঠকত ভাগ লয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

বৈঠকত ভাগ লৈ মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে,ৰাজ্যত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাৰ ক্ষেত্ৰত ভাৰতীয় সেনা বাহিনী আৰু অৰ্ধ সামৰিক বাহিনীয়ে ৰাজ্য় চৰকাৰৰ সংশ্লিষ্ট সংস্থাসমূহৰ সৈতে ইউনিফাইড কমাণ্ড ব্যৱস্থাৰ অধীনত সক্ৰিয় সহযোগেৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷

ইয়াৰোপৰি মুখ্যমন্ত্ৰী সোণোৱালে সন্ত্ৰাসবাদৰ বিপৰীতে চলোৱা অভিযানৰ সময়ত যাতে কোনো নিৰীহ লোক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া নহয়,সেই কথাটোৰ ওপৰত গুৰুত্ব আৰোপ কৰি সামৰিক বাহিনী,অৰ্ধ সামৰিক বাহিনী আৰু আৰক্ষীয়ে এই ক্ষেত্ৰত নিজৰ আচৰণ বিধি বজাই ৰখাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে ৷

ইফালে বৃহৎ সংখ্যক সন্ত্ৰাসবাদীয়ে অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ উভতি অহাৰ দিশত ইউনিফাইড কামাণ্ডে লাভ কৰা সফলতাৰ বাবে মুখ্যমন্ত্ৰীয়ে অভিনন্দন জ্ঞাপন কৰি কয় যে,ইয়াৰ ফলশ্ৰুতিত আইন বলবৎকাৰী সংস্থাসমূহৰ দায়বদ্ধতা অধিক বৃদ্ধি পাইছে ৷ এই বিপথগামী যুৱক-যুৱতীসকলক সমাজৰ মূল সুঁতিৰ সৈতে চামিল কৰাৰ দিশত আইন বলবৎকাৰী সংস্থাসমূহে নিজ ভূমিকা পালন কৰিব লাগিব ৷

ভাৰতত সন্ত্ৰাসবাদৰ লগতে ড্ৰাগছৰ প্ৰত্যাহ্বান আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে এই সকলোবোৰ প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ দিশত ইউনিফাইড কামাণ্ডে সফলতা লাভ কৰিব বুলি আশা প্ৰকাশ কৰে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ-পূৰ্বাঞ্চলক অষ্টলক্ষ্মী হিচাপে গঢ় দিয়াৰ যি সপোন,সেই সপোন দিঠকত পৰিণত কৰাৰ দিশত অঞ্চলটোত শান্তিপূৰ্ণ পৰিৱেশ বজাই ৰখাতো অত্যন্ত জৰুৰী বুলি তেওঁ উল্লেখ কৰে ৷

উক্ত অনুষ্ঠানত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ,ভাৰতীয় সেনা বাহিনীৰ 3 ক’ৰ্পচৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল ৰাণা প্ৰতাপ কলিতা,4 ক’ৰ্পচৰ জিঅ’চি লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালসহ আৰক্ষী আৰু শীৰ্ষ বিষয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক:নতুন ৰাজনৈতিক দলৰ ওপৰত ছাত্ৰ সমাজৰ আস্থা কিমান ?

ABOUT THE AUTHOR

...view details