অসম

assam

ETV Bharat / state

গুৰুজনাৰ আদৰ্শতে একবিংশ শতিকাত প্ৰাণ পাই উঠিছে অসম: মুখ্যমন্ত্ৰী

তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহ শনিবাৰে উপস্থিত হয় গুৱাহাটীত ৷ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

CM Sarbananda Sonowal attended BJP Meeting amingaon assam etv bharat news
আমিনগাঁৱৰ জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

By

Published : Dec 26, 2020, 8:32 PM IST

গুৱাহাটী,26 ডিচেম্বৰ: সম্পূৰ্ণ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজতে লক্ষাধিক জনতাৰ সমাগমেৰে শনিবাৰে আমিনগাঁৱত অনুষ্ঠিত হয় অমিত শ্বাহৰ বিশাল জনসভা ৷ তিনিদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহ শনিবাৰে উপস্থিত হয় গুৱাহাটীত ৷ আমিনগাঁৱৰ কুমাৰ ভাস্কৰ বৰ্মন খেলপথাৰত অনুষ্ঠিত বিশাল জনসভাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক এই কাৰ্যসূচীত সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী অতুল বৰা, পীযুষ হাজৰিকা, ভৱেশ কলিতা, ৰামেশ্বৰ তেলী, নৱ দলেৰ লগতে ৰাজ্য চৰকাৰৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়কে ৷ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰে উষ্ম আদৰণি জনোৱা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক ৷

আমিনগাঁৱৰ জনসভাত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

উক্ত সভাত গুৰুজনাৰ সৃষ্ট ঘোষাৰে আদৰণি ভাষণ আৰম্ভ কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ে ৷ অনুষ্ঠানত অংশ লৈ মন্ত্ৰী হিমন্তৰ মন্তব্য-"মানুহৰ জীৱনত এনেকুৱা দিন খুবেই কম আহে ৷ মোৰ দৃষ্টিত এনে সভা খুবেই কম অনুষ্ঠিত হয় ৷ বিজেপি চৰকাৰৰ নেতৃত্বত বটদ্ৰৱা থানৰ পৰা সন্দেহযুক্ত বাংলাদেশী নাগৰিকক উচ্ছেদ কৰিবলৈ সক্ষম হ’লো ৷ আজি বটদ্ৰৱা থানৰ আধুনিকীকৰণ কৰি তুলিবলৈ ১৮০ কোটি টকাৰ অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰিব ৷ এই প্ৰকল্প যাতে সময়মতে সম্পন্ন হৈ পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে জগতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছো ৷"

আনহাতে, সভাত অংশ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য-“গুৰুজনাৰ আদৰ্শতেই আজি একবিংশ শতিকাত প্ৰাণ পাই উঠিছে অসম ৷ জগত জিনিবলৈ সক্ষম হৈছে এই বৃহৎ অসমীয়া জাতিয়ে ৷ উত্তৰ-পূৱৰ সৰ্বাংগীণ উন্নতিৰ বাবে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে যথেষ্ট কষ্ট স্বীকাৰ কৰিছে ৷ অমিত শ্বাহৰ নেতৃত্বত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলে এটা নতুন ৰূপ পালে ৷ আজি সমগ্ৰ বিশ্বৰ চকু উত্তৰ-পূৰ্বাঞ্চলৰ ওপৰত ৷ আজি শুভাৰম্ভ হোৱা অসম দৰ্শন আঁচনিৰ জৰিয়তে সমগ্ৰ অসমে পুনৰ এক নতুন ৰূপ পাব ৷ আজি আমি গুৰুজনাৰ জন্মস্থানক বিশ্বৰ আধ্যাত্মিকতাৰ ক্ষেত্ৰত প্ৰাণকেন্দ্ৰ হিচাপে গঢ় দিব খুজিছো ৷ যাতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ আধ্যাত্মিক ভাৱধাৰাৰ লোকসকল আহি আধ্যাত্মিক ভাৱত বিলীন হ’ব পাৰে ৷ সমগ্ৰ দক্ষিণ-পূৱ এছিয়াৰ ভিতৰতে গুৱাহাটীক স্বাস্থ্যৰ ক্ষেত্ৰত অন্যতম হিচাপে গঢ়ি তুলিব বিচাৰিছো ৷ 2021 চনৰ ভিতৰত এইমছৰ কাম সমাপ্ত হ’ব ৷ ইয়াৰোপৰি 2000 বিছনাযুক্ত এখন উন্নত মানৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ শিলান্যাসৰো কাম আজি শুভাৰম্ভ হ’ব ৷”

ইয়াৰ লগতে ৰাজ্যত পুনৰ 10 খনকৈ নতুন আইন মহাবিদ্যালয় স্থাপনৰ শিলান্যাস কাৰ্যসূচী সমাপন হ’ব ৷ যাতে আইনৰ ক্ষেত্ৰত অসম আৰু এখোজ আগুৱাই যায় ৷ আমিনগাঁৱৰ বিশাল জনসভাত এই মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

লগতে চাওকঃবঙাইগাঁওত চৰকাৰী বিষয়াৰ বাসগৃহত আৰক্ষীৰ তালাচী

ABOUT THE AUTHOR

...view details