অসম

assam

ETV Bharat / state

উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ মুকলি - sarbananda sonowal

আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ । গায়ন বায়নৰ নৃত্য গীত তথা সত্ৰীয়া পৰম্পৰাৰ মাজত কলাক্ষেত্ৰ খন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

cm sarbananda sonowal at north guwahati
উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ মুকলি

By

Published : Feb 26, 2021, 8:47 PM IST

কামৰূপ, 25 ফেব্ৰুৱাৰী: শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হ'ল উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ । গায়ন বায়নৰ নৃত্য গীত তথা সত্ৰীয়া পৰম্পৰাৰ মাজত কলাক্ষেত্ৰ খন মুকলি কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ।

কলাক্ষেত্ৰ খন মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়, নৱপ্ৰজন্মক আধ্যাত্মিক আৰু সাংস্কৃতিক দিশত শক্তিশালী কৰিব পাৰিলেহে এখন সুন্দৰ সমাজ গঢ়ব পৰা যাব ৷ এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত সৰ্বানন্দ সোণোৱালৰ লগতে আউনীআটীয় সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱগোস্বামী উপস্থিত থাকে ৷

উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী আউনীআটীয় সত্ৰৰ কলাক্ষেত্ৰ মুকলি

উল্লেখ্যে যে, কলাক্ষেত্ৰ খনৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়াইছে ‌৫০ লাখ টকাৰ অনুদান ।কলাক্ষেত্ৰ খনত প্ৰায় ১০০০ দৰ্শক বহিব পৰা এটা গেলেৰী নিৰ্মাণ কৰা হৈছে । ইফালে, শুকুৰবাৰে কলাক্ষেত্ৰ খনৰ আনুষ্ঠানিক মুকলিৰ লগত সংগতি ৰাখি সত্ৰ প্ৰাংগত এটা গ্ৰন্থ সংগ্ৰহালয়ো মুকলি কৰা হয় ।

লগতে পঢ়ক: তিনিটা পৰ্যায়ত অসমত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন

ABOUT THE AUTHOR

...view details