কামাখ্যাধামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল - অম্বুবাচী
অম্বুবাচীলৈ অহা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ সোণোৱালৰ ৷
![কামাখ্যাধামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3596939-977-3596939-1560870700649.jpg)
গুৱাহাটী,18 জুনঃ মহা অম্বুবাচী মেলালৈ মাজত মাত্ৰ কেইটামান দিন বাকী । ইতিমধ্যে প্ৰায় প্ৰস্তুতি সম্পূৰ্ণ হৈছে মা কামাখ্যাধামত । মঙলবাৰে মা কামাখ্যা ধামত উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মাৰ আশীষ লোৱাৰ উপৰিও মেলাৰ প্ৰস্তুতিৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে । অম্বুবাচীলৈ অহা ভক্তসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে সোণোৱালে । ইফালে মন্দিৰৰ পৰিচালনা সমিতিৰ লগত এক বৈঠকতো মিলিত হৈ অম্বুবাচী মেলা সন্দৰ্ভত আলোচনা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । এই বৈঠকত উপস্থিত থাকে পৰ্যটন মন্ত্ৰী চন্দন ব্ৰহ্ম, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা, জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, মহানগৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰ, যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়কে প্ৰমুখ্য কৰি বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াসকল ।