গুৱাহাটী,১৪ ডিচেম্বৰ :দুর্নীতি বিৰোধী শ্ল'গানেৰে শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বৃহৎ ছিণ্ডিকেট চক্রই গা কৰি উঠিছে (Coal syndicate in Assam)। অসমৰ বনজ সম্পদ আৰু খনিজ সম্পদৰ ছিণ্ডিকেটৰাজ চলাই ব্যাপক লুণ্ঠন চলাইছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা বাহিনীহে ! এই অভিযোগ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ নেতৃত্বৰ ।
বুধবাৰে গুৱাহাটীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কার্যালয়ত সংবাদমেল সম্বোধন কৰি জাতীয় যুৱ বাহিনীৰ সভাপতি লক্ষ্যজ্যোতি গগৈয়ে কয় যে বিজেপিৰ মন্ত্ৰী, বিধায়ক আৰু নেতাৰ ছত্ৰছায়াত অসমত ব্যাপক হাৰত কয়লাৰ ছিণ্ডিকেট চলি আছে (Jatiya Yuva Vahini allegation about coal syndicate)। গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটত জড়িত থকাৰ সন্দেহ কৰি তেওঁ কয় যে অসমৰ এগৰাকী মন্ত্ৰীক ছিণ্ডিকেটৰ মূল সেনাপতি হিচাপে নিযুক্তি দি কেইবাজনো শাসকীয় বিধায়কৰ প্ৰত্যক্ষ পৃষ্ঠপোষকতাত কয়লাৰ অবাধ ছিণ্ডিকেট চলাই থকা হৈছে । ডিগবৈ বন সংমণ্ডলৰ অধীনস্থ তিনিচুকীয়া জিলাৰ নামদাং, আৰাধৰা, নামটক, বমগাৰা, চালিকী, পাহাৰপুৰ, লালপাহাৰত ব্যাপকভাৱে বন ধ্বংস কৰি কয়লাখননৰ কাম অব্যাহত ৰাখিছে বুলিও নেতাগৰাকীয়ে অভিযোগ কৰে ।
চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ আৰু অসমৰ সীমামূৰীয়া অঞ্চলটো অবৈধ কয়লা খনন অব্যাহত ৰখাৰ অভিযোগ লক্ষ্যজ্যোতি গগৈৰ । প্রায় ৫০০ ৰো অধিক গধুৰ যন্ত্ৰৰে সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লাৰ অবৈধ খনন অব্যাহত ৰাখিছে আৰু উক্ত কয়লাসমূহ কঢ়িয়াই থকাৰ কথাও উল্লেখ কৰে নেতাগৰাকীয়ে । সভাপতি লক্ষ্যজ্যোতি গগৈয়ে বর্তমান কয়লা খনন চলি থকা মাৰ্ঘেৰিটা-লিডু-লেখাপানীৰ শেহতীয়া ফটো আৰু ২০১৫ চনৰ ফটো প্ৰদৰ্শন কৰি কিদৰে কয়লা মাফিয়াই ঐতিহাসিক স্মৃতি বিজড়িত দিহিং পাটকাই পাহাৰৰ বুকু খান্দি তহিলং কৰিছে তাৰ তথ্য দাঙি ধৰে ।