গুৱাহাটী, ১৬ জুন : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ই বুধবাৰে গুৱাহাটীৰ ফটাশিল আমবাৰীত থকা লোকনিৰ্মাণ বিভাগ (পথ) ৰ মুখ্য অভিযন্তাৰ কাৰ্যালয় পৰিদৰ্শন কৰে আৰু বিভিন্ন প্ৰকল্পৰ ৰূপায়ণৰ স্থিতি পৰ্যালোচনা কৰে । মুখ্যমন্ত্ৰীয়ে গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী দলঙৰ নিৰ্মাণ স্থিতি পৰ্যালোচনা কৰাৰ লগতে ২০২৩ চনৰ মাৰ্চৰ ভিতৰত দলঙখনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে ।
মুখ্যমন্ত্ৰীয়ে প্ৰস্তাৱিত পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ নিৰ্মাণকাৰ্যৰো বুজ লয় । বৈঠকত দলংখনৰ এলাইনমেণ্ট নিৰ্ধাৰণ কৰাৰ লগতে পুঁজি আৱণ্টন, কাৰিকৰী বিষয় সম্পৰ্কেও আলোচনা কৰা হয় । লগতে দলঙখন চাৰিলেনযুক্ত কৰাৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।