অসম

assam

ETV Bharat / state

জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ - প্ৰতিখন জিলাৰ উপায়ুক্ত

ৰাজ্যখনৰ ৮০০খন চাহ বাগিচাৰ লোকক অতি সোনকালে পাইপ লাইনযোগে পানী যোগান ধৰাৰ নিৰ্দেশ । জিলা আৰু মহকুমা পৰ্যায়ত এমাহৰ ভিতৰত ২০০টা এন এ বি এল অনুমোদিত পানী পৰীক্ষাগাৰ স্থাপন কৰিব লাগিব। অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় সমূহলৈ পাইপলাইনযুক্ত পানীৰ সংযোগ ব্যৱস্থা খৰতকীয়া কৰাৰ নিৰ্দেশ মুখ্যমন্ত্রীৰ।

জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ
জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ

By

Published : Jun 27, 2021, 7:23 AM IST

গুৱাহাটী, 27 জুন : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ উপস্থিতিত ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে সকলো জিলাৰ উপায়ুক্তসকলৰ সৈতে ৰাজ্যখনত জল জীৱন মিছনৰ ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা কৰে । এই বৈঠকত ৰাষ্ট্ৰীয় জল জীৱন মিছনৰ পৰিচালন সঞ্চালক আৰু জল শক্তি বিভাগ, ভাৰত চৰকাৰৰ অতিৰিক্ত সচিব ভাৰত লাল উপস্থিত আছিল । তেওঁ অসমত আঁচনিখনৰ কাৰ্যকৰীকৰণ সন্দৰ্ভত কিছু তথ্য প্ৰদৰ্শন কৰে ।

বৈঠকত মুখ্যমন্ত্ৰীয়ে জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু জল জীৱন মিছন, অসমক কেতবোৰ নিৰ্দেশ প্ৰদান কৰে । মুখ্যমন্ত্রীয়ে ৰাজ্যখনৰ ৮০০খন চাহ বাগিচাৰ লোকক অতি সোনকালে পাইপ লাইনযোগে পানী যোগান ধৰাৰ লক্ষ্য পূৰণ কৰি বৰ্তমানৰ পাইপযুক্ত পানীৰ সংযোগ থকা গাঁওসমূহত মিছনৰ অধীনত মুঠ ২২ লাখ ৰেট্ৰ'ফিটিঙৰ লক্ষ্য প্ৰাপ্ত কৰাৰ নিৰ্দেশ দিয়ে । আনহাতে কাম ত্বৰান্বিত কৰাৰ বাবে ঠিকাদাৰসকলক কাম প্ৰদান কৰা, সম্পূৰ্ণ কৰা আৰু জিলা পৰ্যায়ত পুঁজি মুকলি কৰাৰ বাবে উপায়ুক্ত সকলক ক্ষমতা প্ৰদান কৰি মিছনৰ বিকেন্দ্ৰীকৰণ কৰাৰ লগতে আই ই চিৰ বাবে পুঁজি মুকলি কৰা আৰু জিলা সমূহত সজাগতাৰ কাম কৰাৰ বাবে মুখ্যমন্ত্রীয়ে নিৰ্দেশ দিয়ে ।

জল জীৱন মিছন আঁচনি ৰূপায়ণৰ স্থিতি সন্দৰ্ভত পৰ্যালোচনা মুখ্যমন্ত্রীৰ

তদুপৰি প্ৰতিখন জিলাৰ উপায়ুক্তই প্ৰতি সপ্তাহত কমেও এবাৰ কাৰ্যকৰীকৰণৰ স্থিতি পৰ্যালোচনা কৰাৰ লগতে প্ৰতিখন জিলাৰ এগৰাকী অতিৰিক্ত জিলা উপায়ুক্তক নিৰন্তৰ নিৰীক্ষণৰ দায়িত্ব প্ৰদানৰ নিৰ্দেশ দিয়ে । আনহাতে জিলা আৰু মহকুমা পৰ্যায়ত এমাহৰ ভিতৰত ২০০টা এন এ বি এল অনুমোদিত পানী পৰীক্ষাগাৰ স্থাপনৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রীয়ে ।

সেইদৰে পানী যোগান প্ৰকল্প স্থাপনৰ বাবে গাঁওসমূহত ভূমি অধিগ্ৰহণ তৰান্বিত কৰা আৰু আঁচনিখনৰ অধীনত অগ্ৰাধিকাৰৰ ভিত্তিত অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয়সমূহলৈ পাইপলাইনযুক্ত পানীৰ সংযোগ ব্যৱস্থা খৰতকীয়া কৰাৰ নিৰ্দেশ দিয়ে । ইয়াৰ বাবে এপিডি চি এলক অংগনৱাড়ী কেন্দ্ৰসমূহক বিদ্যুৎ সংযোগ প্ৰদান কৰিবলৈ কোৱা হ'ব আৰু ইয়াৰ বাবে পুঁজি মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্রীয়ে সদৰি কৰে । লগতে দ্ৰুতগতিত কাম কৰিবলৈ আৰু অতি সোনকালে যোগ্যতাৰ ভিত্তিত অভিযন্তা নিয়োগ কৰিবলৈ ৱাক-ইন সাক্ষাৎকাৰ অনুষ্ঠিত কৰিবলৈ প্ৰতিটো বিভাগত ৫জন সহকাৰী অভিযন্তাক নিয়োগ কৰাৰ নিৰ্দেশ দিয়া হয় । ৰাষ্ট্ৰীয় অভিযানত অসমক উচ্চ প্ৰদৰ্শনকাৰী ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ যুদ্ধকালীন গতিৰে কাৰ্যৰ ৰূপায়ণ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্রীয়ে ।

লগতে পঢ়কঃ অসম আৰক্ষীৰ ১৯৩ গৰাকী আৰক্ষী বিষয়াক বদলি

ABOUT THE AUTHOR

...view details