গুৱাহাটী, ৮ জুন :তিনি বছৰতকৈ অধিক কাল অতিবাহিত কৰা সকলো কৃষি সম্প্ৰসাৰণ বিষয়াকে অনতিপলমে বদলিকৰণৰ ব্যৱস্থা কৰিবলৈ কৃষি বিভাগক নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । কৃষিমন্ত্ৰী অতুল বৰাৰ উপস্থিতিত কৃষি বিভাগৰ বিভিন্ন কাম-কাজৰ পৰ্যালোচনা কৰি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই নিৰ্দেশ প্ৰদান কৰে ।
মুখ্যমন্ত্ৰী গৰাকীয়ে কৃষিখণ্ডৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি আন কেইবাটাও নিৰ্দেশ দিয়ে । ৰাজ্যৰ কৃষিখণ্ডৰ সামগ্ৰিক দৃশ্যপট উজ্জীৱিতকৰণৰ বাবে সৰ্বশিক্ষা মিছন বা ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ আৰ্হিত অতি শীঘ্ৰে এক বিশেষ মিছন গঠনৰ ৰূপৰেখা প্ৰস্তুত কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে । ৰাজ্যৰ কৃষকসকলক গুণগত মানৰ বীজ যোগান সুনিশ্চিত কৰাৰ স্বাৰ্থত উন্নত বীজ উৎপাদনকাৰী ৰাজ্যৰ বীজ নিগমৰ পৰা পোনপটীয়াভাৱে বীজ ক্ৰয়ৰ পদক্ষেপ ল’বলৈ বিভাগটোক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে ।
তদুপৰি অসম কৃষি বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক নিয়োজিত কৰি অসমৰ ৩,০০০ খন গাঁও পঞ্চায়ত আৰু ভিচিডিচি-ত(Village Council Development Committee) কৃষিজাত সামগ্ৰী উৎপাদনৰ এক সামগ্ৰিক জৰীপৰ পদক্ষেপ ল’বলৈ কৃষি বিভাগক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰে ।
আনহাতে, পিএম-কিষাণ যোজনাৰ হিতাধিকাৰীৰ তালিকা অতি সোনকালে ত্ৰুটি মুক্তকৰণৰ বাবে সংশ্লিষ্ট উপায়ুক্তক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিবলৈ বিভাগটোক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ প্ৰদান কৰাৰ লগতে সাৰ যোগানত অনিয়ম কৰাসকলৰ বিৰুদ্ধে তৎকালে কঠোৰ পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়ে । নেমু, ৰঙালাউৰ দৰে চাহিদা থকা কৃষি সামগ্ৰীৰ ৰপ্তানি বৃদ্ধি কৰাৰ লগতে থলুৱা ৰপ্তানিকাৰীসকলক উদগনি যোগোৱাৰ পদক্ষেপ ল’বলৈও মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।
লগতে পঢ়ক:চিৰাঙত দ্বাদশ শ্ৰেণীৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ