অসম

assam

ETV Bharat / state

CM on Batadrava Eviction: বটদ্ৰৱাত উচ্ছেদ প্ৰসংগত ভুল স্বীকাৰ মুখ্যমন্ত্ৰীৰ - Assam police eviction drive

বটদ্ৰৱা উচ্ছেদ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ভুল স্বীকাৰ । বটদ্ৰৱাকাণ্ডৰ অভিযুক্তৰ ঘৰত বুলড'জাৰ চলাওঁতে খুঁত ৰৈ গৈছিল । শেহতীয়াভাৱে বটদ্ৰৱা উচ্ছেদকাণ্ডত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ ওপৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমৰ আগত ভুল স্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে (CM reacted on Batadrava eviction case) ।

CM
CM

By

Published : Jan 5, 2023, 7:32 PM IST

বটদ্ৰৱাত উচ্ছেদ প্ৰসংগত ভুল স্বীকাৰ মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৫ জানুৱাৰী :বটদ্ৰৱাত বুলড'জাৰ চলোৱা প্ৰসংগত মুখ্যমন্ত্ৰীৰ ভুল স্বীকাৰ । বটদ্ৰৱাকাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰে (CM reacted on Batadrava eviction case) । বৃহস্পতিবাৰে গুৱাহাটীত এক অনুষ্ঠানত বটদ্ৰৱাকাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে ভুল স্বীকাৰ কৰি কয়- বটদ্ৰৱাত বুলড'জাৰ চলাওঁতে আমাৰ অকণমান খুঁত থাকি গৈছিল ।

যিখিনি খুঁত ৰৈ গৈছিল সেয়া সংশোধন কৰাৰ চেষ্টা কৰা হ'ব । বাকী উচ্ছেদবোৰ আইনী প্ৰক্ৰিয়াৰে কৰা হৈছিল । আনহাতে, বটদ্ৰৱাকাণ্ডৰ (Batadrava police station fire case) অভিযুক্তৰ বাসগৃহ উচ্ছেদ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ ভিত্তিত কৰা হৈছিল বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে । নগাঁৱৰ আৰক্ষী অধীক্ষকৰ প্ৰতিবেদনৰ কি ভুল হৈছিল সেয়া বিচাৰ কৰা হ'ব বুলি তেওঁ কয় ।

এই সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় (CM Himanta Biswa Sarma), "বিষয়াসকলে অলপ ভুল কৰিলে । কিছু আইনবহিৰ্ভূতভাৱে হ'ল । সেইকাৰণে উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিছে । আমিও বিষয়াসকলক প্ৰশ্ন কৰিম । বুলড'জাৰ শব্দ বুলি একো নাই । কিন্তু উচ্ছেদ চলিবই । এতিয়া পাভৈত চলিব বৃহৎ উচ্ছেদ ।" মন কৰিবলীয়া যে অসম আৰক্ষীৰ বুলড’জাৰ অপসংস্কৃতিক (Assam police eviction drive) লৈ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয় ক্ষুণ্ণ হৈ পৰাত অৱশেষত অভিযুক্তৰ ঘৰত বুলড'জাৰ চলোৱাৰ নিৰ্দেশ দিয়া বিষয়াক শাস্তি দিবলৈ সাজু হৈছে অসম চৰকাৰ ।

আনকি প্রশাসনে বুলড’জাৰেৰে ঘৰ ভাঙি দিয়া ভুক্তভোগীক এতিয়া ক্ষতিপূৰণো দিব লাগিব ৰাজ্য চৰকাৰে । বহু বিতর্কিত বটদ্ৰৱা কাণ্ডৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে (Guwahati High Court verdict on Batadrava eviction) নিজাববীয়াকৈ ৰুজু কৰা এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰৰ যোৱা মঙলবাৰৰ শুনানিত অসম চৰকাৰৰ মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই দিছপুৰৰ এই সিদ্ধান্ত ন্যায়ালয়ক অৱগত কৰিছে । আনকি বটদ্ৰৱা কাণ্ডৰ অভিযুক্তৰ বাসগৃহ বুলড’জাৰেৰে ভাঙি পেলোৱাৰ বাবে নিৰ্দেশ দিয়া বিষয়াৰ বিৰুদ্ধে মুখ্য সচিবে গঠন কৰা কমিটীয়ে তদন্ত কৰি দোষী বিষয়াৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

উল্লেখ্য, বিগত বৰ্ষৰ ২১ মে’ত বটদ্ৰৱা আৰক্ষীয়ে আটক কৰা চফিকুল আলী নামৰ এজন লোকৰ থানাতে মৃত্যু হৈছিল । পেছাত মাছ ব্যৱসায়ী চফিকুল আলীৰ মৃত্যুক কেন্দ্ৰ কৰি পৰিয়াল তথা স্থানীয় একাংশ লোকে বটদ্ৰৱা থানা ঘেৰাও কৰাৰ লগতে উত্তেজিত লোকে থানাখনত অগ্নিসংযোগ কৰি জ্বলাই দিছিল । এই ঘটনাৰ পাছদিনাই অর্থাৎ ২২ মে'ৰ পুৱা নগাঁও আৰক্ষী-প্রশাসনে থানা জ্বলোৱা কার্যত অভিযুক্ত শালনাবাৰীৰ ইমান আলী আৰু মজিবুৰ ৰহমানৰ বাসগৃহত কোনো কাৰণ নোহোৱাকৈ বুলড’জাৰ লগাই উচ্ছেদ কৰে ।

আশ্ৰয়ৰ শেষ সম্বল ঘৰটোকো আৰক্ষী-প্রশাসনে বুলড’জাৰেৰে ভাঙি পেলোৱাত ইমান আৰু মজিবুৰৰ কণ কণ সন্তানকেইটাৰ আলাই-আথানিয়ে নধৰা হৈ পৰে । সেই সময়ত অভিযুক্তদ্বয়ৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা সমগ্ৰ কাৰ্যটোক সন্মুখৰ পৰা নেতৃত্ব দিছিল অসম আৰক্ষীৰ আইন-শৃংখলাৰ বিশেষ সঞ্চালকপ্রধান জি পি সিঙে ৷ আনকি জি পি সিঙে সংবাদ মাধ্যমৰ আগত অভিযুক্তৰ বাসগৃহৰ ভূমিৰ নথি-পত্ৰ ভুৱা আৰু বাসগৃহত বেআইনী কার্যকলাপ চলাৰ বাবেই জিলা প্রশাসনক অভিযোগ দি বুলড’জাৰে ঘৰ উচ্ছেদ কৰাৰ সিদ্ধান্ত লোৱা বুলিও দাবী কৰিছিল ।

অসম আৰক্ষীয়ে আইনবিৰুদ্ধভাৱে নিজ ইচ্ছাত অভিযুক্তৰ বাসগৃহত বুলড'জাৰ চলোৱাক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ে নিজাবাবীয়াকৈ 3/2022 নম্বৰত এটা ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ ৰুজু কৰে । ইতিপূৰ্বে বটদ্ৰৱা কাণ্ডৰ উক্ত গোচৰটোৰ শুনানি লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিচাৰপীঠে বুলড'জাৰেৰে ঘৰভঙা কাৰ্য আৰক্ষীৰ অভিযান নে 'গেং ৱাৰ' বুলিও প্রশ্ন কৰি ককৰ্থনা কৰিছিল ৷

মুখ্য ন্যায়াধীশ আৰ এম ছায়াই আৰক্ষীৰ এই কাৰ্যক ধিক্কাৰ দি বলিউডৰ পৰিচালক ৰোহিত শেট্টীৰ হিন্দী চিনেমাতহে বুলড’জাৰেৰে আৰক্ষীয়ে ঘৰ ভাঙি দিয়া দৃশ্য সম্ভৱ বুলিও অসম আৰক্ষী তথা গৃহ বিভাগক কটাক্ষ কৰে । আৰক্ষীৰ তদন্তৰ নামত নীতিবহির্ভূতভাৱে অভিযুক্ত তথা নাগৰিকৰ ঘৰত বুলড'জাৰ চলোৱা কোনো নিয়ম ফৌজদাৰী আইনত নাই বুলি স্পষ্ট কৰি দি ন্যায়ালয়ে কি আইনৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ ঘৰ বুলড'জাৰেৰে ভাঙি পেলোৱাৰ অধিকাৰ পালে বুলিও প্রশ্ন কৰে ।

আনকি অভিযুক্তৰ ঘৰ বুলড’জাৰেৰে ভাঙি পেলোৱা কাৰ্য সন্দৰ্ভত গৃহ বিভাগক স্থিতি স্পষ্ট কৰাৰ বাবে পূৰ্বৰ শুনানিত নিৰ্দেশ দিছিল উচ্চ ন্যায়ালয়ে । ন্যায়ালয়ৰ এই কঠোৰ স্থিতিৰ পাছতেই মঙলবাৰে বটদ্ৰৱা কাণ্ডৰ গোচৰটোৰ শুনানিত ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই ১৫ দিনৰ ভিতৰত মুখ্য সচিবে গঠন কৰা কমিটীয়ে বিষয়টোৰ তদন্ত কৰি যদিহে কোনো বিষয়াক দোষী পায়, তেনে বিষয়াৰ বিৰুদ্ধে প্রয়োজনীয় শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব বুলিও জানিবলৈ দিয়ে ।

লগতে পঢ়ক :Sankardev Kalakshetra new auditorium: 800 আসনযুক্ত অত্যাধুনিক প্ৰেক্ষাগৃহ নিৰ্মাণ হ’ব শংকৰদেৱ কলাক্ষেত্ৰত

ABOUT THE AUTHOR

...view details