অসম

assam

ETV Bharat / state

Electricity charges hike: আগৰ এৰিয়াৰ যোগ হোৱা বাবেহে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল: মুখ্যমন্ত্ৰী - Smart electricity meter Assam

বৰ্দ্ধিত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে কোঙা কৰিছে ৰাজ্যৰ জনতাক । তাৰমাজতে বিদ্যুৎ মাচুল বৃদ্ধিক লৈ স্তম্ভিত হৈ পৰিছে সৰ্বসাধাৰণ ৰাইজ । স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত পৰ্যায়ক্ৰমে প্ৰিপেইড ব্যৱস্থা আৰম্ভ কৰাত বিদ্যুৎ মাচুলক লৈ এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Smart electricity meter Assam) । এই সন্দৰ্ভত দেওবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

CM react on electri bill increase in prepaid
আগৰ এৰিয়াৰ যোগ হোৱা বাবেহে বৃদ্ধি পাইছে বিদ্যুৎ মাচুল: মুখ্যমন্ত্ৰী

By

Published : Apr 9, 2023, 10:49 PM IST

গুৱাহাটী, ৯ এপ্ৰিল: স্মাৰ্ট মিটাৰ সংযোগ কৰাৰ পাছত পৰ্যায়ক্ৰমে প্ৰিপেইড ব্যৱস্থা আৰম্ভ কৰাত বিদ্যুৎ মাচুলক লৈ এতিয়া গ্ৰাহকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে (Electricity charges hike) । বিগত কিছুদিন ধৰি প্ৰিপেইড হোৱাৰ পাছত বিদ্যুৎ গ্ৰাহকৰ মাজত অত্যাধিক মাচুল সংগ্ৰহকলৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পোষ্টপেইডৰ তুলনাত প্ৰিপেইড ব্যৱস্থাত বহুবেছি বিল ভৰিবলগীয়া হোৱাত বিদ্যুৎ গ্ৰাহকসকল ক্ষোভিত হৈ পৰিছে (Smart electricity meter Assam) । সামজিক মাধ্যমতো দেখিবলৈ পোৱা গৈছে ইয়াৰ প্ৰতিফলন (CM react on electri bill increase in prepaid) ।

এই সন্দৰ্ভত দেওবাৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক দৃষ্টিগোচৰ কৰোৱাত তেওঁ ইয়াৰ এক যুক্তি দাঙি ধৰে । জনতা ভৱনত আয়োজন কৰা এখন সংবাদমেলত এই সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে কয় যে, প্ৰিপেইড মিটাৰত আগৰ এৰিয়াৰ যোগ হোৱা বাবে প্ৰথম মাহত মাচুল বেছি হোৱা দেখা গৈছে (CM react on electricity charges hike) । অৱশ্যে কাৰোবাৰ কিবা অভিযোগ থাকিলে এ পি ডি চি এলত অভিযোগ দাখিল কৰিব পাৰিব ।

এ পি ডি চি এলৰ লোকে প্ৰতিগৰাকী গ্ৰাহকৰ ঘৰত গৈ সকলো বুজাই দিব । এটা চাৰ্ভেত দেখা গৈছে যে অসমৰ গ্ৰহকসকল প্ৰিপেইড মিটাৰকলৈ সন্তুষ্ট । আনহাতে অভিযোগৰ পাছত এ পি ডি চি এলৰ লোকে বুজাই দিয়াত অসন্তুষ্ট গ্ৰাহকসকল সন্তুষ্ট হৈছে । মাচুল বেছি হোৱাৰ অভিযোগ নতুন মিটাৰৰ ক্ষেত্রত দেখা গৈছে । আগতে মিটাৰ লগোৱা গ্ৰাহকৰ ক্ষেত্রত এই সমস্যা নাই বুলি মুখ্যমন্ত্রীয়ে কয় (Electricity rate hike Assam) ।

বকেয়া থকাৰ বাবে এই সমস্যা হৈছে । এইটো মিটাৰৰ বিসংগতি নহয় । আনহাতে মিটাৰৰ কিবা বিসংগতি হ'লে লগে লগে সলনি কৰি দিয়াৰ বাবে এ পি ডি চি এলক নিৰ্দেশ দিয়া হৈছে । সেইদৰে ৰাইজৰ অভাৱ-অভিযোগ ঘৰলৈ গৈ নিৰাময় কৰাৰ বাবে এ পি ডি চি এলক নিৰ্দেশ দিয়া হৈছে বুলি মুখ্যমন্ত্রীয়ে কয় । মুখ্যমন্ত্রীয়ে লগতে কয় যে, দেশৰ বিভিন্ন ৰাজ্যত প্ৰিপেইড স্মাৰ্ট মিটাৰ সুন্দৰভাৱে চলি আছে ।

অসমতো কেইবছৰ মানৰ ভিতৰত সম্পূৰ্ণৰূপে প্ৰিপেইড স্মাৰ্ট মিটাৰ লগোৱা হ'ব । কিবা ভুল হ'লে নিশ্চয় শুধৰণি কৰা হ'ব বুলি সদৰি কৰি মুখ্যমন্ত্রীয়ে কয় যে, ৰাইজক কেতিয়াও অসুবিধাত পেলোৱাটো চৰকাৰৰ কাম্য নহয় । উল্লেখ্য যে, ইয়াৰ পূৰ্বে পোষ্টপেইড থকা অৱস্থাত স্মাৰ্ট মিটাৰ লগোৱাৰ আৰম্ভনি কালত অত্যাধিক বিল অহাক লৈ ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়া আৰু প্ৰতিবাদৰ সৃষ্টি হৈছিল ।

সেইসময়ত মুখ্যমন্ত্রীয়ে বিষয়টোত হস্তক্ষেপ কৰি তদন্তৰ কথা কৈছিল । লগতে অভিযোগ দাখিলৰ বাবে নম্বৰ মুকলি কৰিছিল । কিন্তু বিষয়টোৰ কোনো ধৰণৰ সমাধানসূত্র নোলাল যদিও এইবাৰ স্মাৰ্ট মিটাৰসমূহ প্ৰিপেইড কৰা হ'ল । লগে লগে অত্যাধিক মাছুলক লৈ এতিয়া সমস্যাত পৰিছে সাধাৰণ গ্ৰাহক ।

লগতে পঢ়ক:World Records through Bihu : বিশ্ব অভিলেখ গঢ়িবলৈ সাজু যোৰহাটৰ ৮০০ নাচনী

ABOUT THE AUTHOR

...view details