অসম

assam

ETV Bharat / state

"অসম তথা উত্তৰ-পূব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহু আগুৱাই গৈছে"-মুখ্যমন্ত্ৰী সোণোৱাল - এডভান্টেজ আছামৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে

কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী, বিত্তমন্ত্ৰীক ধন্যবাদ জনালে মুখ্যমন্ত্ৰীয়ে ৷ "আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই এতিয়া অসমক নতুন মাত্ৰা দিছে"-মুখ্যমন্ত্ৰী সোণোৱাল

জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

By

Published : Sep 25, 2019, 7:48 PM IST

গুৱাহাটী,25ছেপ্টেম্বৰঃ

"এডভান্টেজ আছাম''ৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে ৷ অসম তথা উত্তৰ-পূব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বহু আগুৱাই গৈছে ৷"

বুধবাৰে জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি এইদৰে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ প্ৰথমে মুখ্যমন্ত্ৰী সোণোৱালে কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে প্ৰধানমন্ত্ৰী আৰু বিত্তমন্ত্ৰীক ধন্যবাদ জনায় ৷ লগতে এই কৰ্পৰেট টেক্স হ্ৰাস কৰাৰ বাবে অসম অৰ্থনৈতিক ভাৱে লাভাম্বিত হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

জনতা ভৱনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সংবাদ মেল

ইপিনে সংবাদমেলত ''এডভান্টেজ আছাম''ৰ কথা উল্লেখ কৰি ''এডভান্টেজ আছাম''ৰ পিছত অসমত 52 হাজাৰ কোটি টকা বিনিয়োগ হৈছে বুলি মন্তব্য কৰে সোণোৱালে ৷ ইপিনে এছিয়ান দেশসমূহৰ সৈতে যোগাযোগ স্থাপন হৈ উঠাৰ বাবে অসম অৰ্থনৈতিক ভাৱে লাভান্বিত হ'ব বুলি উল্লেখ কৰে ৷ লগতে আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাই এতিয়া অসমক নতুন মাত্ৰা দিছে বুলিও মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে ৷

ABOUT THE AUTHOR

...view details