গুৱাহাটী, 29 অক্টোবৰ : অসমৰ ৯৫ শতাংশ লোকক ইতিমধ্যে সফলতাৰে ক'ভিড ভেকচিন প্ৰদান কৰা হৈছে । শুকুৰবাৰে এখন সংবাদমেলত এই কথা ঘোষণা কৰেমুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । গুৱাহাটীত অনুষ্ঠিত এক সংবাদমেলত ভাগ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে, ইতিমধ্যে ৰাজ্যখনৰ ২ কোটি লোকক ভেকচিনৰ প্ৰথম পালি আৰু ১ কোটি ৭৬ লোকক দ্বিতীয় পালি প্ৰদান কৰা হৈছে ।
১৫ জানুৱাৰীৰ ভিতৰত অসমৰ প্ৰতিজন লোককে ভেকচিন প্ৰদান কৰাটো সম্পূৰ্ণ হৈ উঠিব বুলিও তেওঁ ঘোষণা কৰে । মুখ্যমন্ত্ৰীয়ে লগতে আৰু কয় যে, ডিমা হাচাও, পশ্চিম কাৰ্বি আংলং আৰু কাৰ্বি আংলং জিলাৰ বহু লোক এতিয়াও ভেকচিন ল’বলৈ আগবাঢ়ি অহা নাই । ভেকচিন ল’বলৈ আগ্ৰহ নকৰা এনে প্ৰায় ১০ লাখ লোক আছে ।
লগতে পঢ়ক :জুবিনৰ স্বাস্থ্য সুস্থিৰ; নিজৰ স্বাস্থ্যক লৈ চিকিৎসালয়ৰ পৰা কি ক’লে জুবিনে ?