গুৱাহাটী, 15 ফেব্ৰুৱাৰীঃ শক্তি বিভাগক অতি শীঘ্ৰে এটা কেন্দ্ৰীয় নিয়ন্ত্ৰন কক্ষ (চেন্ট্ৰেল কন্ট্ৰল ৰূম) স্থাপনৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷ শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এক বৈঠকত এই নিৰ্দেশ প্ৰদান কৰে বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাক ৷ উল্লেখ্য যে, এই নিয়ন্ত্ৰণ কক্ষটোৰ পৰাই সমগ্ৰ ৰাজ্যৰ বিদ্যুৎ যোগান প্ৰক্ৰিয়াত সৃষ্টি হোৱা বিসংগতিসমূহ ধৰা পৰিব ৷
শক্তি বিভাগত চেন্ট্ৰেল কন্ট্ৰল ৰূম স্থাপনৰ নিৰ্দেশ - central control room for power department
শনিবাৰে মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এক বৈঠকত শক্তি বিভাগক অতি শীঘ্ৰে এটা কেন্দ্ৰীয় নিয়ন্ত্ৰন কক্ষ (চেন্ট্ৰেল কন্ট্ৰল ৰূম) স্থাপনৰ নিৰ্দেশ প্ৰদান কৰা হয় বিভাগটোৰ অতিৰিক্ত মুখ্য সচিব নীৰজ বাৰ্মাক ৷

শক্তি বিভাগত চেন্ট্ৰেল কন্ট্ৰল ৰূম স্থাপনৰ নিৰ্দেশ
আনহাতে, বাৰিষাত বানপানীৰ সময়ত যাতে কোনোধৰণৰ অঘটন নঘটে তাৰ বাবে বানপ্ৰবন অঞ্চলসমূহত ওখ ঠাইত ট্ৰঞ্চফৰ্মাৰ বহুৱাবলৈও নিৰ্দেশ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইয়াৰ উপৰিও বিদ্যুৎ বিভাগত খালি হৈ থকা পদসমূহ যথাসম্ভৱ শীঘ্ৰে পুৰ কৰিবলৈও শক্তি বিভাগৰ মুখ্য সচিব নীৰজ বাৰ্মাক নিৰ্দেশ প্ৰদান কৰে ৷