গুৱাহাটী,13 মে': সম্পূৰ্ণ দুটা দশকৰ পিছত ভৈয়ামত বসবাস কৰা এগৰাকী মুখ্যমন্ত্ৰী লাভ কৰিলে অসমবাসীয়ে । পূৰ্বৰ পোন্ধৰ বছৰীয়া শাসনকালত একেৰাহে তিনিটাকৈ কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হৈ থকা প্ৰয়াত তৰুণ গগৈ আছিল খানাপাৰাৰ কইনাধৰা পাহাৰত থকা চৰকাৰী অতিথিশালাত । তেওঁ শাসনত থকা ডেৰ দশক কাল কইনাধৰাৰ সেই চৰকাৰী অতিথিশালাটো ব্যৱহাৰ হৈ আহিছিল মুখ্যমন্ত্ৰী গগৈৰ বাসগৃহ হিচাপে ।
আনহাতে 2001 চনৰ পৰা পোন্ধৰ বছৰ উক্ত অতিথিশালাটো মুখ্যমন্ত্ৰীৰ বাসগৃহ হৈ থকাৰ পিছত 2016 ত যেতিয়া সৰ্বানন্দ সোণোৱালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব ল'লে তেতিয়া তেওঁ নিৰ্বাচিত কৰিলে তৰুণ গগৈৰ দৰে আন এটা চৰকাৰী অতিথিশালা ৷ কইনাধৰা পাহাৰৰ পৰিৱৰ্তে খাৰঘুলি পাহাৰত অৱস্থিত ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাটো হৈ পৰিল মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহ । বিগত পাঁচ বছৰে কইনাধৰা পাহাৰৰ এই চৰকাৰী অতিথিশালাটো মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসগৃহ হিচাপে ব্যৱহৃত হৈ আহিছে । কিন্তু এইবাৰ পূৰ্বৰ দুগৰাকী মুখ্যমন্ত্ৰীৰ দৰে পাহাৰত থাকিব খোজা নাই নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।