গুৱাহাটী, ২৫ এপ্ৰিলঃ লক ডাউন চলি থাকিলেও ৰাজ্যৰ খেলুৱৈসকলে যাতে নিজৰ অনুশীলন বন্ধ নকৰে । লক ডাউনৰ মাজতেই সকলো নিয়ম মানি খেলুৱৈসকলে অনুশীলন অব্যাহত ৰাখিব লাগিব। এই আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। শনিবাৰে মুখ্যমন্ত্ৰীয়ে তেওঁৰ চৰকাৰী বাসগৃহত ৰাজ্যৰ একাংশ খেলুৱৈ আৰু ক্ৰীড়া সংগঠকৰ সৈতে এক বাৰ্তালাপত মিলিত হয় ।
সেই বাৰ্তালাপতে মুখ্যমন্ত্ৰী গৰাকীয়ে খেলুৱৈসকলৰ সুবিধা অসুবিধাৰ বুজ লয়। লক ডাউনৰ বাবে বহুকেইখন গুৰুত্বপূৰ্ণ খেলৰ সূচী পিছুৱাই দিয়া হৈছে যদিও ৰাজ্যৰ খেলুৱৈসকলে যাতে অনুশীলন বা প্ৰশিক্ষণ কোনো অসুবিধা নোহোৱাকৈ চলাই নিব পাৰে তাৰ প্ৰতি চকু ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে অসম অলিম্পিক সন্থাক আহ্বান জনায় ।