গুৱাহাটী, 2 জুন :গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানপানী সন্দৰ্ভত পৌৰ নিগমৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু বিষয়াসকলৰ লগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় ৷ কৃত্ৰিম বানপানী প্ৰতিৰোধ কৰাৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় উক্ত বৈঠকত ৷
প্ৰায় 3 ঘণ্টা সময় চলা এই বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী গৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়ে যে, পূৰ্বৰ তুলনাত মহানগৰীৰ কৃত্ৰিম বানপানীৰ সমস্যা বহু হ্ৰাস পাইছে । পূৰ্বে আধা ঘন্টা বৰষুণ দিলেই মহানগৰী কৃত্ৰিম বানপানীত ডুব গৈছিল কিন্তু বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছত এই সমস্যা বহুখিনি হ্ৰাস পাইছে আৰু এই সমস্যা সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ পৌৰ নিগমৰ মন্ত্ৰী আৰু বিষয়া সকলক আহ্বান জনোৱা বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷