গুৱাহাটী,14 ডিচেম্বৰঃসমগ্ৰ অসমীয়া জাতিয়ে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধাচৰণ কৰাৰ পিছত এতিয়া কি ৰণকৌশল হ'ব ৰাজ্য চৰকাৰৰ? কিদৰে ৰাইজৰ ৰোষৰ পৰা ৰক্ষা পৰিব বিজেপিৰ জনপ্ৰতিনিধি সকল ? এই বিষয়ক লৈ এতিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উদ্বিগ্ন হৈ পৰা পৰিলক্ষিত হৈছে ৷
শনিবাৰে পুৱা মুখ্যমন্ত্ৰীৰ বাসগৃহৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাত বিজেপিৰ মন্ত্ৰী আৰু বিধায়ক সকলৰ সৈতে এক জৰুৰী আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী সোণোৱাল । সূত্ৰৰ পৰা জানিব পৰা অনুসৰি বৈঠকত জনৰোষৰ পৰা হাত সাৰিবলৈ আৰু নাগৰিকত্ব সংশোধনী আইনৰ ইতিবাচক দিশসমূহ ৰাইজৰ মাজলৈ লৈ যাবলৈ মন্ত্ৰী-বিধায়ক সকলক নিৰ্দেশ দিয়া হয়। উল্লেখ্য যে, এই বৈঠকত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিৎ দাসো উপস্থিত থাকে।