গুৱাহাটী, ১৮ মে': অসমৰ সাহিত্য তথা সংবাদজগত উকা কৰি কিছুদিন পূৰ্বে বৈকুণ্ঠগামী হয় বিশিষ্ট সাহিত্যিক, কথাশিল্পী, সাংবাদিক হোমেন বৰগোহাঞি । মঙলবাৰে ৰাজ্য চৰকাৰৰ জলসম্পদ, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে প্ৰয়াত হোমেন বৰগোহাঞিৰ খাৰঘূলিস্থিত বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা প্ৰেৰণ কৰা শোক সংবাদ পত্ৰখন শোকসন্তপ্ত পৰিয়ালবৰ্গৰ হাতত প্ৰদান কৰে ।
মুখ্যমন্ত্ৰীৰ শোক পত্ৰ লৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ বাসগৃহত মন্ত্ৰী পীযুষ হাজৰিকা - সাংবাদিক গৰাকীৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজি
প্ৰয়াত হোমেন বৰগোহাঞিৰ শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মুখ্যমন্ত্ৰীৰ তৰফৰ পৰা শোক সংবাদ পত্ৰ প্ৰদান ৷ বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক গৰাকীৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ আশ্বাস ৰাজ্য চৰকাৰৰ ৷
মুখ্যমন্ত্ৰীৰ শোক পত্ৰ লৈ প্ৰয়াত হোমেন বৰগোহাঞিৰ বাসগৃহত মন্ত্ৰী পিয়ুজ হাজৰিকা
উল্লেখ্য যে, বিশিষ্ট সাহিত্যিক, বুদ্ধিজীৱী, সাংবাদিক গৰাকীৰ জীৱনগাঁথা আৰু সৃষ্টিৰাজিৰ সংৰক্ষণৰ বাবে অসম চৰকাৰৰ তৰফৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি জনাইছে মুখ্যমন্ত্ৰীয়ে ।
লগতে পঢ়ক :ডিব্ৰুগড়ত পুনৰ কৰ'ণাত মৃত্যু ৫ গৰাকীৰ