অসম

assam

ETV Bharat / state

Ayushman Asom CM Jan Arogya Yogana: দুবছৰীয়া বৰ্ষপূৰ্তিত ৰাইজক মুখ্যমন্ত্ৰীয়ে উপহাৰ দিলে বিশেষ যোজনা

মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে দুটা বছৰ সম্পূৰ্ণ কৰাৰ দিনটোতেই আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ শুভাৰম্ভনি ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাৰ ৰাইজলৈ বিশেষ উপহাৰ (Ayushman Asom CM Jan Arogya Yogana) ৷

CM launched Ayushman Asom CM Jan Arogya Yogana
দুবছৰীয়া বৰ্ষপূৰ্তিত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

By

Published : May 10, 2023, 8:38 PM IST

দুবছৰীয়া বৰ্ষপূৰ্তিত আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী,১০ মে': মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে সম্পূৰ্ণ কৰিলে দুটা বছৰ । চৰকাৰখনৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে বুধবাৰে 'আয়ুষ্মান অসম'ৰ শুভাৰম্ভনি কৰে (Ayushman Asom CM Jan Arogya Yogana) । আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনাৰ যোগেদি প্ৰতিটো যোগ্য পৰিয়ালে বছৰি ৫ লাখ টকা পৰ্যন্ত নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব । আয়ুষ্মান ভাৰতৰ সম্প্ৰসাৰণেৰে অসম চৰকাৰে মুকলি কৰা এই আঁচনিখনে ৰাজ্যৰ প্ৰায় ২৭ লাখ হিতাধিকাৰী পৰিয়ালক সামৰি ল'ব (HBS govt completed 2 years)।

এই উপলক্ষ্যে বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্রত আয়োজন কৰা এক অনুষ্ঠানত আয়ুষ্মান অসমৰ শুভাৰম্ভনি কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma launches AACJAY)। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীগৰাকীয়ে কয় যে, ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰে জনসাধাৰণৰ কল্যাণকামিতা নিশ্চিতকৰণৰ লক্ষ্যৰে চৰকাৰে দায়িত্বভাৰ গ্ৰহণৰ দিনৰে পৰা সৰ্বতো প্ৰকাৰৰ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ অন্তোদ্যয়াৰ মতাদৰ্শৰ প্ৰতি থকা বিশ্বাসৰ দ্বাৰা অনুপ্ৰাণিত হৈ আজি অসম চৰকাৰৰ সামাজিক খণ্ডৰ গুৰুত্বপূৰ্ণ আঁচনি আয়ুষ্মান অসম-মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা আৰম্ভ কৰি অত্যন্ত আনন্দিত হৈছো ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, এই যোজনাৰ অধীনত ৰেচন কাৰ্ড প্ৰতিটো পৰিয়ালে ৫ লাখ টকাৰ নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব (2 years anniversary of Himanta govt)। এই আঁচনিখন সমাজৰ আৰ্থিকভাৱে অনগ্ৰসৰ শ্ৰেণীৰ জনসাধাৰণৰ স্বাস্থ্য সুৰক্ষা নিশ্চিতকৰণৰ লগতে আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বিবেচিত হ'ব । অসমত ৰেচন কাৰ্ড থকা ৫৭ লাখ পৰিয়ালৰ ৩০ লাখে আয়ুষ্মান ভাৰতৰ সুবিধা লাভ কৰি আহিছিল । বাকী থকা ২৭ লাখ পৰিয়ালক আজিৰে পৰা আয়ুষ্মান অসমৰ যোগেদি সামৰি লোৱা হৈছে । পৰৱৰ্তী সময়ত ৩২ লাখ পৰিয়ালক সামৰি লোৱা হ'ব ।

অসম চৰকাৰে এটা সাহসী সিদ্ধান্ত লৈ ৰেচন কাৰ্ড থকা সকলো পৰিয়ালকে বছৰি ৫ লাখ টকাৰ স্বাস্থ্যবীমা প্ৰদান কৰিবলৈ সক্ষম হৈছে । আয়ুষ্মান অসম আঁচনিখন মুকলিৰ লগে লগে এতিয়াৰে পৰা অটল অমৃত কাৰ্ডৰ ব্যৱস্থাটো বন্ধ হৈ যাব । আয়ুষ্মান অসমৰ যোগেদি ১,৫৭৮ টা ৰোগৰ চিকিৎসা সেৱাৰ সুবিধা লাভ কৰিব পৰা যাব । অসমৰ ৩০০ ৰো অধিক চিকিৎসালয়ত আৰু দেশৰ প্ৰায় তিনি হাজাৰ চিকিৎসালয়ত আয়ুষ্মান অসমৰ যোগেদি নগদবিহীন চিকিৎসা সেৱা লাভ কৰিব পৰা যাব ।

ডাব’ল ইঞ্জিনৰ চৰকাৰৰ বাবে এয়া সম্ভৱ হৈ উঠিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে, চৰকাৰখনে স্বাস্থ্যখণ্ডৰ বিকাশক অন্যতম প্ৰধান প্ৰধান্য দিছে । অসম চৰকাৰে সৃষ্টি কৰা অৰুণোদয় আঁচনিখন বিভিন্ন ৰাজ্যই গ্ৰহণ কৰিছে ।

স্বাস্থ্যখণ্ডত চৰকাৰখনে বিগত দুবছৰত কৰা কাম-কাজৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, চৰকাৰী কৰ্মচাৰীসকলৰ বাবে মুখ্যমন্ত্রী লোকসেৱক আৰোগ্য যোজনা ১৫ আগষ্টৰ পৰা আৰম্ভ কৰা হ'ব। আগন্তুক তিনি বছৰত নতুন মাইলৰ খুঁটি স্থাপন কৰা হ'ব ৷ চৰকাৰখনে অসমক সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ় দিয়াৰ সংকল্প গ্ৰহণ কৰিছে । চৰকাৰখনে ৰাইজৰ আস্থা-বিশ্বাসত নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে ।

আয়ুষ্মান অসমৰ কাৰ্ড নোহোৱা পৰ্যন্ত ৰেচন কাৰ্ড দেখুৱাই আঁচনিখনৰ সুবিধা লাভ কৰিব পৰা যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। এই অনুষ্ঠানত মন্ত্রী কেশৱ মহন্ত,মন্ত্ৰী অতুল বৰা, মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী যোগেন মহন, মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, মন্ত্ৰী ইউ জি ব্ৰক্ষ্ম, মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী সঞ্জয় কিষান, মন্ত্ৰী পীযুষ হাজৰীকা উপস্থিত থাকে ৷ ইয়াৰোপৰি মন্ত্ৰী নন্দিতা গাৰ্লোচা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী, বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, মুখ্য সচিব পৱন বৰঠাকুৰকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:2 years of HBS govt: হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দুবছৰীয়া বৰ্ষপূৰ্তিত যোৰহাটবাসী ৰাইজৰ মতামত

ABOUT THE AUTHOR

...view details