অসম

assam

ETV Bharat / state

Development Works in Guwahati: পাণবজাৰ আৰক্ষী ছাউনিৰ ভূমি পূজন মুখ্যমন্ত্ৰীৰ - Himanta Biswa Sarma bhumi pujan of DC office

গুৱাহাটীত ৰাজ্য চৰকাৰৰ 'বিকাশৰ বাবে এটা দিন' কাৰ্যসূচী । মুঠ ১৭৩৩ কোটিৰ প্ৰকল্পৰ আধাৰশিলা তথা ভূমি পূজন মুখ্যমন্ত্ৰীৰ (Assam govt guwahati development scheme) । নতুন ৰাজভৱন, গুৱাহাটী আৰক্ষী ছাউনি, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত কাৰ্যালয় আদিকে ধৰি কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন ।

Assam CM
Assam CM

By

Published : Jan 5, 2023, 3:53 PM IST

Updated : Jan 5, 2023, 5:08 PM IST

গুৱাহাটীত ১৭৩৩ কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা মুখ্যমন্ত্ৰীৰ

গুৱাহাটী, ৫ জানুৱাৰী :মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাৰ পাণবজাৰত নিৰ্মাণ কৰিবলগীয়া আৰক্ষী ছাউনিৰ ভূমি পূজনত অংশগ্ৰহণ কৰে (CM laid Guwahati police reserve foundation stone) । ৫৪৪.৫৪ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই আৰক্ষী ছাউনিত আৰক্ষীৰ বাবে ৪৩০টা আৱাস, স্কুলৰ লগতে পেৰেড গ্ৰাউণ্ড নিৰ্মাণ কৰা হ'ব ।

উল্লেখ্য যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত অসম চৰকাৰৰ 'বিকাশৰ বাবে এদিন' কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰীত 1733 কোটি টকাৰ কেবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাযসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীৰ অংশ হিচাপে প্ৰথমে পুৱা খাৰঘুলিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন ৰাজভৱনৰ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে (CM laid foundation stone of new Rajbhaban) ।

অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে অসম চৰকাৰে যোৱা 5 ডিচেম্বৰৰ পৰা 'বিকাশৰ বাবে এটা পষেক' কাৰ্যসূচী আৰম্ভ কৰিছিল । এই কাৰ্যসূচীৰ অংশ হিচাপে নলবাৰী, বঙাইগাঁও, মৰিগাঁও, বিশ্বনাথ, তামুলপুৰ, গোলাঘাট, লখিমপুৰ, ডিব্ৰুগড়কে ধৰি 11 খন জিলাত 15000 কোটি টকাৰ নতুন প্ৰকল্প আৰম্ভ কৰা হৈছে (Development Works in Guwahati) ।

বৃহস্পতিবাৰে কামৰূপ মহানগৰ জিলাত অসম চৰকাৰৰ বিকাশৰ বাবে এদিন কাৰ্যসূচীৰ অংশ হিচাপে 1733 কোটি টকাৰ কেইবাটাও নতুন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজন কাৰ্যসূচী ৰূপায়ণ কৰা হয় (1733 crores development project in Guwahati) । তেওঁ কয় যে নতুন ৰাজভৱন নিৰ্মাণৰ বাবে পুৰণি ৰাজভৱনৰ কাষত থকা বেলিভিউ হোটেলৰ ভূমি অধিগ্ৰহণ কৰি উক্ত ভূমিত নতুন ৰাজভৱন নিৰ্মাণ কৰা হ'ব । 41.32 কোটি টকা‌ ব্যয়সাপেক্ষে লোক নিৰ্মাণ বিভাগে 18 মাহৰ ভিতৰত এই নতুন ৰাজভৱন নিৰ্মাণ কৰি উলিয়াব ।

অৱশ্যে পুৰণি ৰাজভৱনটো ভাঙি পেলোৱা নহয় । কিন্তু তাত কিছু সংস্কাৰ সাধন কৰি অতিথিশালা আৰু ৰাজভৱনৰ সচিবালয় হিচাপে ব্যৱহাৰ কৰা হ'ব । আনহাতে, ৰাজভৱনৰ কাষতে এখন হেলিপেড নিৰ্মাণৰ পৰিকল্পনা কৰা বুলিও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে । লগতে মুখ্যমন্ত্ৰীয়ে কয় অসমৰ ৰাজ্যপালৰ নতুন ৰাজভৱনটো দেশৰ ভিতৰতে উল্লেখযোগ্য ৰাজ্যপালৰ ভৱন হিচাপে নিৰ্মাণ কৰি উলিওৱাৰ বাবে বিশেষ পৰিকল্পনাৰে প্ৰকল্প হাতত লোৱা হৈছে (helipad at Assam new Rajbhaban) । উল্লেখ্য যে ইয়াৰ লগতে আজিৰ দিনটোত গুৱাহাটীত সংহত সঞ্চালকালয়, গুৱাহাটী আৰক্ষী আয়ুক্তৰ কাৰ্যালয়, সংহত উপায়ুক্তৰ কাৰ্যালয়, আন্তজাৰ্তিক প্ৰেক্ষাগৃহ নিৰ্মাণ আদিৰ আধাৰশিলা আৰু ভূমি পূজনৰ কামো মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰে ।

গুৱাহাটী মহানগৰীৰ আন্তঃগাঁথনি উন্নয়নৰ প্ৰকল্প হিচাপে আজি মুখ্যমন্ত্ৰীয়ে পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ চৌহদত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে । ৮০০ আসনযুক্ত এই প্ৰেক্ষাগৃহটো ৪৪.২৬ কোটি টকা ব্যসাপেক্ষে নিৰ্মাণ কৰা হ'ব । আনহাতে, গুৱাহাটী মহানগৰৰ ৰূপনগৰত কামৰূপ মহানগৰ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয় নিৰ্মাণৰ ভূমি পূজন কৰে মুখ্যমন্ত্ৰীয়ে (Himanta Biswa Sarma bhumi pujan of DC office) ।

৫৮ কোটি টকা নিৰ্মাণ ব্যয় নিৰ্ধাৰণ কৰা উক্ত ভৱনটোত উপায়ুক্ত কাৰ্যালয়ৰ অধীনৰ সকলো বিভাগ থাকিব । একেদৰে খানাপাৰাত আৰক্ষী আয়ুক্ত কাৰ্যালয়ৰ লগতে ৫০০০ আসন বিশিষ্ট এটি আন্তৰাষ্ট্ৰীয় মানদণ্ডৰ প্ৰেক্ষাগৃহ নিৰ্মাণৰো আধাৰশিলা তথা ভূমি পূজন কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । লগতে গুৱাহাটী মহানগৰীত দুটা টাৱাৰ নিৰ্মাণৰ পৰিকল্পনাৰ কথাও প্ৰকাশ কৰে । উক্ত টাৱাৰ দুটাত অসমৰ চৰকাৰৰ অন্তৰ্গত ৫৬ টা সঞ্চালকালয় একেলগে স্থাপনৰ পৰিকল্পনাৰ কথাও ব্যক্ত কৰে ।

লগতে পঢ়ক :Arohan scheme in Assam: চৰকাৰী বিদ্যালয়ৰ মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব একোজনকৈ মেণ্টৰ

Last Updated : Jan 5, 2023, 5:08 PM IST

ABOUT THE AUTHOR

...view details