গুৱাহাটী, 7 মে' : ৰাজ্যৰ বিধস্ত অৰ্থনীতিক পুনৰুদ্ধাৰ কৰিবৰ বাবে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীৰ বাসগৃহত ৰাজ্যৰ অৰ্থনীতিবিদ সকলক লগত লৈ এক বিশেষ কমিটি গঠন কৰা হয় ৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে সুভাশ দাসৰ অধ্যক্ষতাত ৰাজ্যিক পৰ্যায়ত এখন তদন্তকাৰী কমিটি গঠন কৰি দিয়া হয় ৷
উক্ত কমিটিখনে ৰাজ্যৰ অৰ্থনীতিক পুনৰ উজ্জীৱিত কৰিবৰ বাবে যি পৰামৰ্শ প্ৰদান কৰিব সেই সকলোবোৰ পৰামৰ্শ গুৰুত্ব সহকাৰে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়ে ৷
আনহাতে, এই বৈঠকত বহু কেইটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰাৰ লগতে এনৰেগা আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ নামত হোৱা দুৰ্নীতি সন্দৰ্ভতো বিশেষ সিদ্ধান্ত গ্ৰহণ কৰে ৷ লগতে পঞ্চায়ত সমূহত যাতে কোনো ধৰণৰ দূৰ্নীতি সংঘটিত হ'ব নোৱাৰে তাৰ বাবে পঞ্চায়ত সচিব আৰু সভাপতিক সকিয়নী প্ৰদান কৰে ৷
ৰাজ্যৰ অৰ্থনীতি পুনৰ উজ্জীৱিত কৰিবলৈ বিশেষ তদন্তকাৰী কমিটি গঠন ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উল্লেখ কৰে যে, ৰাজ্য বৰ্তমানেও কৰ'ণা মুক্ত নহয় ৷ কৰ'ণাৰ বিৰুদ্ধে যুঁজ বৰ্তমানেও চলি আছে সেয়েহে সকলো জনসাধাৰণক সামাজিক দূৰত্বৰ লগতে মাস্ক ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে ৷
লগতে পঢ়ক : বিশাখাপট্টনম গেছ দুৰ্ঘটনাৰ শেহতীয়া খবৰ