অসম

assam

ETV Bharat / state

সাংবাদিকৰ সৈতে প্ৰহিলা জানুৱাৰীত মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ - CM interaction with journalists news

নৱবৰ্ষত ৰাজ্যৰ সাংবাদিকসকলৰ সৈতে মতবিনিময় কৰে মুখ্যমন্ত্ৰী সোণোৱালে ৷ সকলোৰে দিহা পৰামৰ্শ কামনা কৰি ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত উদ্বেগ প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে ৷ "নতুন বছৰত সুখবৰ ৰাইজে পাব । সকলোকে আহ্বান জনাইছো আমাৰ ওপৰত বিশ্বাস ৰাখক । হঠাৎ বিজেপিক শত্ৰু সজোৱা হৈছে । প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰীক সংগ্ৰামী ৰাইজৰ মনৰ কথা জনাইছো । মই যোৱা চাৰে তিনি বছৰে কিবা বেয়া কাম কৰিলো নেকি ? মোক কিয় এইদৰে এঘৰীয়া কৰিছে ! মই জাতিটোৰ লগত অভিনয় কৰিব নোৱাৰো ", এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ ৷

CM interaction with journalists
সাংবাদিকৰ সৈতে প্ৰহিলা জানুৱাৰীত মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

By

Published : Jan 1, 2020, 6:33 PM IST

গুৱাহাটী, 1 জানুৱাৰীঃবছৰৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত বিনিময় অনুষ্ঠান । অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই মত বিনিময় অনুষ্ঠান । এই অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু নৱ নিযুক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ ৷ ৰাজ্যৰ প্ৰৱীণ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীও উপস্থিত থাকে অনুষ্ঠানত ৷

সাংবাদিকৰ সৈতে প্ৰহিলা জানুৱাৰীত মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

মত বিনিময় অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয় যে, " মই সমালোচনা ভাল পাওঁ । সমালোচনা গঠনমূলক হ'লে আমিও বহু শিকিব পাৰো " ৷ সংবাদ মাধ্যম হৈছে গণতন্ত্ৰৰ আটাইতকৈ শক্তিশালী স্তম্ভ ৷ নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, আইনখনৰ সন্দৰ্ভত কি বিধি নিয়ম হ'ব তাৰ পৰামৰ্শ কেন্দ্ৰক দিয়া হৈছে । আজিৰ তাৰিখত এই আইনৰ সুবিধা লৈ কোনো বিদেশী নতুনকৈ আহিব নোৱাৰে ৷ বিদেশীক ৰক্ষণাবেক্ষণ দিয়াৰ দৰে কাম কোনো দিন নকৰোঁ বুলিও উল্লেখ কৰে সৰ্বানন্দ সোণোৱালে ৷

সাংবাদিকৰ সৈতে প্ৰহিলা জানুৱাৰীত মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

তাৰোপৰি তেওঁ কয় যে, "নতুন বছৰত সুখবৰ ৰাইজে পাব । সকলোকে আহ্বান জনাইছো আমাৰ ওপৰত বিশ্বাস ৰাখক । হঠাৎ বিজেপিক শত্ৰু সজোৱা হৈছে । প্ৰধান মন্ত্ৰী, গৃহমন্ত্ৰীক সংগ্ৰামী ৰাইজৰ মনৰ কথা জনাইছো । মই যোৱা চাৰে তিনি বছৰে কিবা বেয়া কাম কৰিলো নেকি ? মোক কিয় এইদৰে এঘৰীয়া কৰিছে ! মই জাতিটোৰ লগত অভিনয় কৰিব নোৱাৰো "৷

সাংবাদিকৰ সৈতে প্ৰহিলা জানুৱাৰীত মত বিনিময় মুখ্যমন্ত্ৰী সোণোৱালৰ

ইয়াৰ লগতে মুখ্যমন্ত্ৰী সোণোৱালে, বিগত বছৰকেইটাত বিজেপি চৰকাৰে সাধন কৰা বিকাশৰ কিছু খতিয়ান উল্লেখ কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, 1 লাখ 30 হাজাৰ ক্ষুদ্ৰ চাহ খেতিয়কক ভূমি পট্টা দিলে চৰকাৰে ৷ যোৱা বছৰ ৫০ হাজাৰ খিলঞ্জীয়া ভূমিপুত্ৰক মাটিৰ পট্টা দিলে চৰকাৰে । এই বছৰ 1 লাখ খিলঞ্জীয়া ভূমিপুত্ৰক পট্টা দিয়া হ'ব ৷ আজি পৰ্যন্ত মাজুলীত ভূমিজৰীপেই হোৱা নাছিল, কিন্তু বিজেপি চৰকাৰে এই কাম আৰম্ভ কৰিলে ৷ খিলঞ্জীয়াৰ ভূমি যাতে কোনেও কাঢ়ি নিব নোৱাৰে তাৰ বাবে নতুন ভূমি আইন কৰা হৈছে । ভাষা গৌৰৱ আঁচনিৰ জৰিয়তে 1 হাজাৰ নতুন লেখকক ৫০ হাজাৰ টকাকৈ আগবঢ়োৱাৰ সিদ্ধান্ত লোৱাৰ কথাও ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীৰ মন্তব্য

আনহাতে, ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে কয় যে, হিন্দুসকলক ভাৰত ৰাষ্ট্ৰই "আই ঐ দেহী বুলি" মাত এষাৰ দিব লাগে ৷ কিন্তু ভাৰতৰ আন স্থানত শৰণাৰ্থী সকলক সংস্থাপন কৰক, অসমত নহয় ৷ অসমে ইতিমধ্যেই বিদেশীৰ বোজা বহন কৰিছে ৷ তেখেতৰ লগতে আন বহু কেইগৰাকী সাংবাদিকেও মুখ্যমন্ত্ৰী সোণোৱালক বিভিন্ন দিহা-পৰামৰ্শ প্ৰদান কৰে ৷

ABOUT THE AUTHOR

...view details