গুৱাহাটী, ২০মে': ৰাজ্যৰ ক'ভিড পৰিস্থিতি বহু উন্নত হোৱা নাই যদিও বিগত তিনিদিনত আশাৰ ৰেঙণি দেখিছো। এই মন্তব্য মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ। বৃহস্পতিবাৰে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এইদৰে কয় মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই।
সংবাদমেলৰ আৰম্ভনীতেই সদ্যপ্ৰয়াত বিশিষ্ট সাহিত্যিক-সাংবাদিক হোমেন বৰগোহাঞিৰ স্মৃতি জীয়াই ৰখাৰ বাবে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী শৰ্মাই কয় যে গুৱাহাটীৰ নাৰেংগীৰ চন্দ্ৰপুৰৰ পৰা জাগীভকতপুৰ হৈ যোৱা ৫০ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো সাংবাদিক-সাহিত্যিকগৰাকীৰ নামেৰে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
চৰকাৰখনে ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সকলো প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সদৰি কৰি মুখ্যমন্ত্রী শৰ্মাই কয়-' ক'ভিডৰ পৰা বাচি থাকিবলৈ হ'লে ভেকচিনৰ প্ৰয়োজন আছে । দেশত ভেকচিনৰ নাটনি আছে। অসমত এতিয়ালৈকে ৩৫ লাখ লোকক ভেকচিন প্ৰদান কৰা হৈছে। ভেকচিনৰ অভাৱ আছে যদিও দুই-এমাহত দূৰ হ'ব।
ৰাজ্যৰ ৪৫ৰ ঊৰ্দ্ধৰ প্ৰায় ১ কোটি লোকক ভেকচিন দিয়াৰ দায়িত্ব ভাৰত চৰকাৰে লৈছে। আনহাতে ১৮ৰ ঊৰ্দ্ধৰ প্ৰায় ১.২০ কোটি লোকক ভেকচিন দিয়াৰ দায়িত্ব ৰাজ্য চৰকাৰৰ। ইয়াৰ বাবে ৰাজ্য চৰকাৰৰ ৬০০ ৰ পৰা ৮০০ কোটি টকা ব্যয় হ'ব বুলি কয় শৰ্মাই ৷
মুখ্যমন্ত্রী শৰ্মাই লগতে কয়-' বিগত বৰ্ষত ক'ভিডৰ সময়ত মুখ্যমন্ত্রীৰ সাহায্য পুঁজি আৰু আৰোগ্য নিধিলৈ ১১৬ কোটি টকাৰ বৰঙণি আহিছিল। সুদ মিলি সেই পুঁজি ১১৯ কোটি টকা হ'ল। সেই পুঁজি এতিয়া ভেকচিন ক্ৰয়ৰ বাবে ব্যৱহাৰ কৰা হৈছে। উল্লেখ্য যে সংবাদমেলতে মুখ্যমন্ত্রী শৰ্মাই মুখ্যমন্ত্রী সাহায্য পুঁজিৰ পৰা ৫০ কোটি টকাৰ চেক আৰোগ্য নিধিক প্ৰদান কৰে আৰু চেক গ্ৰহণ কৰে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ।
সংবাদমেলত মুখ্যমন্ত্রী শৰ্মাই বিভিন্ন প্ৰতিষ্ঠান, সংগঠনে আগবঢ়োৱা বৰঙণিৰ কথা উল্লেখ কৰি ক'ভিড পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ বিশেষকৈ ভেকচিনৰ বাবে বৰঙণি আগবঢ়োৱাৰ প্ৰক্ৰিয়াটোক এক জনআন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে । ৮০০ টকাৰ যোগেদি এজন লোকক ভেকচিন প্ৰদান কৰিব পৰা যায় বুলি উল্লেখ কৰি মুখ্যমন্ত্রী শৰ্মাই এজনে আনজনক জীৱন উপহাৰ দিয়াৰ আনন্দ লাভ কৰাৰ প্ৰসংগৰে সকলোকে জন আন্দোলনৰ অংশীদাৰ হোৱাৰ আহ্বান জনায়।
লগতে পঢ়কঃ শুকুৰবাৰৰ পৰা পঞ্চদশ অসম বিধানসভাৰ প্ৰথম অধিবেশন