গুৱাহাটী, ১০ অক্টোবৰ :সন্মুখত ৰাজ্যৰ পাঁচ বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন ৷ উপ-নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত দেওবাৰে দুয়োটা মিত্ৰদলৰে বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ দেওবাৰে পুৱাৰে পৰা নিশালৈকে মিত্ৰদল অসম গণ পৰিষদ আৰু ইউ পি পি এলৰ শীৰ্ষ নেতৃত্বৰ সৈতে মাৰথন বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী । কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত দেওবাৰে পুৱাৰে পৰা আৰম্ভ হয় এই বৈঠক ।
এই বৈঠকত বিজেপি, অগপ আৰু ইউ পি পি এলৰ সভাপতি ক্ৰমে ভৱেশ কলিতা, অতুল বৰা আৰু প্ৰমোদ বড়োও উপস্থিত থাকে । আজিৰ দিনটোত কোনো ধৰণৰ চৰকাৰী কাৰ্যসূচী নাৰাখি এইদৰে মুখ্যমন্ত্ৰীয়ে মিত্ৰদলৰ সৈতে দীঘলীয়া বৈঠকত মিলিত হোৱাটো তাৎপৰ্যপূৰ্ণৰূপে বিবেচিত হৈছে ।