গঠনমূলক চিন্তা থাকিলে মানুহ বিপথে পৰিচালিত নহয়; মুখ্যমন্ত্রী গুৱাহাটী, ২৫ জুলাই:গুৱাহাটীৰ উলুবাৰীত মঙলবাৰৰ পৰা আৰম্ভ হৈছে সদৌ অসম আন্তঃজিলা জুনিয়ৰ আৰু এলাইট বক্সিং প্ৰতিযোগীতা । উলুবাৰী বক্সিং ক্লাব আৰু আসাম এমেচাৰ বক্সিং এছ'চিয়েশ্বনে আয়োজন কৰা এই প্ৰতিযোগীতা আজি আনুষ্ঠানিকভাৱে মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
উদ্বোধনী ভাষণত মুখ্যমন্ত্ৰীয়ে কয় যে ১৯৫০ চনত গঢ় লৈ উঠা উলুবাৰী বক্সিং ক্লাৱে ক্ৰীড়াৰ ক্ষেত্ৰখনত অভূতপূৰ্ব বৰঙণি আগবঢ়াই আহিছে । প্ৰথমতে ইয়াৰ নাম খেৰাই কৃষ্টি সংঘ আছিল । ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে এই অনুষ্ঠানটোত গঢ় দিয়াৰ আঁৰত থকা খেলুৱৈসকলৰ কথা সদৰী কৰে ।
তেওঁ কয় যে এই ক্লাৱে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীতাত অংশ গ্ৰহণ কৰি সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । আন্তঃৰাষ্ট্ৰীয় বক্সিং ক্ষেত্ৰখনত অসমৰ অগ্ৰগামী যাত্ৰাৰ সূচনা হৈছিল ২০০৪ চনত । প্ৰসংগক্ৰমে তেওঁ বক্সিং খেলুৱৈ প্ৰণামিকা বৰাৰ কথা উল্লেখ কৰে ৷
২০০৫ চনত কল্পনা চৌধুৰীয়ে লাভ কৰা পদকৰ বিষয়েও তেওঁ উল্লেখ কৰে । তেওঁ অসমৰ নাম বিশ্বৰ বক্সিং ক্ষেত্ৰখনত উজলাই তোলা খেলুৱৈ সকলৰ কথা সদৰী কয় যে এই খেলুৱৈ সকল আমাৰ বাবে ধন্যবাদৰ পাত্ৰ । তেওঁ লগতে কয় যে অসমৰ যুৱ মানসিকতাক সুশৃংখলিত কৰি ৰখাৰ ক্ষেত্ৰত খেলৰ মানসিকতা গঢ়ি তোলিব লাগিব ।
গুৱাহাটীৰ পুৰণি ক্লাৱসমূহক পুনৰ উজলাই তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা ক্ৰীড়াৰ পৰিৱেশ ঘূৰি আহিব । তেওঁ লগতে কয় যে ক্ৰীড়াৰ মানসিকতা নথকাৰ বাবে বৰ্তমান সময়ত যুৱ মানসিকতাৰ নিৰন্তৰ স্খলন হৈছে ।
প্ৰসংগ ক্ৰমে তেওঁ গুৱাহাটীত ড্ৰাগছৰ ডাঙৰ বজাৰ চলি থকাৰ কথা সদৰী কৰে । অভিভাৱকসকলক তেওঁ নিজৰ সন্তানক অধ্যয়নৰ লগতে ক্ৰীড়া নাইবা সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে জড়িত কৰাৰ বাবে আহ্বান জনায় । অসম চৰকাৰে লোৱা দুটা আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে এটা হৈছে খেল মহাৰণ আৰু এটা হৈছে সাংস্কৃতিক মহা সংগ্ৰাম ।
এই বছৰ ১০ লাখ ল’ৰা-ছোৱালীক খেলৰ লগত আৰু ৭ লাখ ল’ৰা-ছোৱালীক সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত জড়িত কৰোৱাৰ প্ৰয়াস কৰা হৈছে বুলি তেওঁ কয় । তেওঁ কয় যে খেলৰ দ্বাৰা চৰিত্ৰ গঠন হয় । গঠনমূলক চিন্তা থাকিলে মানুহ বিপথে পৰিচালিত নহয় । তেওঁ অসম চৰকাৰৰ তৰফৰ পৰা উলুবাৰী বক্সিং ক্লাৱৰ বাবে ৫০ লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ।
অনুষ্ঠানত মন্ত্ৰী নন্দিতা গাৰ্লোচা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, বক্সিং ফেডাৰেচন অব ইণ্ডিয়াৰ সাধাৰণ সম্পাদক হেমন্ত কলিতা, আসাম এমেচাৰ বক্সিং এছ’চিয়েশ্বনৰ সভাপতি কমল গয়াৰী, উলুবাৰী বক্সিং ক্লাৱৰ সভানেত্রী মণিকা বড়ো প্ৰমুখ্যে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:Assam CM in Delhi: দিল্লীত কেইবাজনো কেন্দ্ৰীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ