অসম

assam

ETV Bharat / state

বিজেপিৰ নামত ধন সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

শেহতীয়াকৈ, বিজেপিৰ বিৰুদ্ধে বিভিন্ন মহলত উত্থাপিত হৈছে চান্দা সংগ্ৰহৰ অভিযোগ ৷ বিজেপি দলৰ নামত চান্দা সংগ্ৰহ কৰা লোকৰ বিৰুদ্ধে এইবাৰ কঠোৰ হ’ল মুখ্যমন্ত্ৰী (CM Himanta against illegal fund collection) ৷

cm-himanta-tweets-against-illegal-fund-collection-using-bjps-name
বিজেপিৰ নামত ধন সংগ্ৰহকাৰীৰ বিৰুদ্ধে কঠোৰ মুখ্যমন্ত্ৰী

By

Published : Mar 5, 2022, 7:31 PM IST

Updated : Mar 5, 2022, 7:50 PM IST

নিউজ ডেস্ক, 5 মাৰ্চ :শেহতীয়াকৈ ৰাজ্যৰ শাসকীয় দল বিজেপিৰ বিৰুদ্ধে বিভিন্ন মহলত উত্থাপিত হৈছে চান্দা সংগ্ৰহৰ অভিযোগ ৷ বিশেষকৈ অৰুনোদয় আচনি লাভ কৰা হিতাধীকাৰী সকলৰ পৰা চান্দা সংগ্ৰহৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ একাংশ দলীয় কৰ্মীৰ বিৰুদ্ধে (Illegal fund collection using BJP'S name) ৷ এনে সময়তে, শনিবাৰে দেখা গ’ল এক ব্যতিক্ৰমী দৃশ্য ৷ সচৰাচৰ চান্দা সংস্কৃতিৰ বিৰোধ কৰি অহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰিলে বিশেষ পদক্ষেপ ৷

বিজেপি দলৰ নামত চান্দা সংগ্ৰহ কৰা ৰচিদৰ ফটো এগৰাকী টুইটাৰ ব্যৱহাৰকাৰীয়ে আপলোড কৰাৰ লগে লগে অসম আৰক্ষীক শীঘ্ৰে ব্যৱস্থা লোৱাৰ নিৰ্দেশ টুইটাৰ যোগেই দিলে মুখ্যমন্ত্ৰীয়ে ৷ উল্লেখযোগ্য যে, সৰ্বাধিক 19,000 টকাৰ চান্দা সংগ্ৰহ কৰাৰ অনুমতি থকা ৰচিদখনত আছে, এক লাখ টকা সংগ্ৰহ কৰাৰ কথা ৷

ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ লগে লগে মুখ্যমন্ত্ৰীৰ টুইটত ৰিপ্লাই কৰিলে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জিপি সিঙে ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশক সন্মান জনাই শীৰ্ষ আৰক্ষী বিষয়া গৰাকীয়ে অৱগত কৰিলে যে শীঘ্ৰেই এই সন্দৰ্ভত উপযুক্ত ব্যৱস্থা লোৱা হ’ব ৷

লগতে পঢ়ক :ইউক্ৰেইনৰ পৰা অসমলৈ ঘূৰি অহা ছাত্ৰীৰ বৰ্ণনা :বাংকাৰৰ ভিতৰতে দুদিন লুকাই আছিলো আমি

Last Updated : Mar 5, 2022, 7:50 PM IST

ABOUT THE AUTHOR

...view details