অসম

assam

By

Published : Aug 17, 2023, 6:40 PM IST

ETV Bharat / state

Indrani Tahbildar Death: ইন্দ্ৰাণী কাণ্ডত বিজেপি দল আৰু চৰকাৰত জোকাৰণি; মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই তৃষ্ণা শৰ্মাক বহিষ্কাৰ

বিজেপি নেত্ৰী ইন্দ্ৰানী তালুকদাৰৰ আত্মহত্যাৰ ঘটনাক লৈ শাসক-বিৰোধীৰ মাজত প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ এই ঘটনাই শাসকীয় বেজেপিত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে ৷ ইফালে এই ঘটনাত নাম সাঙুৰ খোৱা সকলোৰে বাবে নামি আহিছে বিপদ ৷

Indrani Tahbildar Death
Indrani Tahbildar Death

গুৱাহাটী, ১৭ আগষ্ট: বিজেপি নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাক লৈ অস্বস্তিত পৰিছে বিজেপি দল আৰু চৰকাৰ । এক কথাত ক'বলৈ গ'লে এই ঘটনাক কেন্দ্ৰ কৰি ৰাজনৈতিক মহলত ব্যাপক জোকাৰণিৰ সৃষ্টি হৈছে । ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছতে বিজেপিৰ ভিতৰচ'ৰাৰ বহু গোপন অধ্যায় পোহৰলৈ আহিছে । যাক লৈ এতিয়া শাসকীয় দল আৰু চৰকাৰৰ শংকিত হৈ পৰিছে ।

ইফালে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ক্ষোভ-অসন্তুষ্টি আৰু বিস্ফোৰক অভিযোগৰ পাছত বিষয়টো আৰু অধিক তীব্ৰতৰ হৈ পৰিছে । আনকি বিজেপিৰ ন-পুৰণিৰ বিষয়টোও পুনৰ চৰ্চালৈ আহিছে । এনে এক অস্বস্তিকৰ পৰিস্থিতিৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইন্দ্ৰাণী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰে সাঙোৰ খোৱা সকলোকে বিজেপিৰ পৰা বহিষ্কাৰ কৰাৰ নিৰ্দেশ দিছে ।

এইক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে বিষয়টো সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰে আলোচনা কৰি নাম সাঙোৰ খোৱা সকলোকে দলৰ পৰা বহিষ্কাৰ কৰাৰ বাবে তেওঁক নিৰ্দেশ দিছে । মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে তৎপৰ হৈ পৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি । ইতিমধ্যে ঘটনা সন্দৰ্ভত বিতৰ্কিত ৰিয়া দাসক বাজপেয়ী ভৱনলৈ তলৱ কৰা হৈছে ।

ইফালে ঘটনাৰে নাম সাঙোৰ খোৱা বিজেপি নেত্ৰী তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । বিজেপিৰ কিষাণ মৰ্চাৰ ৰাজ্যিক সভাপতি দেৱজিত বৰাৰ নিৰ্দেশত তৃষ্ণা শৰ্মাক দলৰ সকলো দায়িত্বৰ পৰা অব্যাহতি দিয়া হৈছে । বহিষ্কৃত তৃষ্ণা শৰ্মা কৃষক মৰ্চাৰ ৰাজ্যিক যুটীয়া কাৰ্যালয় সম্পাদিকা আছিল ।

তৃষ্ণা শৰ্মালৈ প্ৰেৰণ কৰা অব্যাহতি পত্ৰ

বিজেপিৰ বহিষ্কৃত অনুৰাগ চলিহাৰে তৃষ্ণা শৰ্মাৰ নাম সাঙোৰ খাইছিল । অভিযোগ অনুসৰি তৃষ্ণা শৰ্মাই চাকৰি আৰু সুৰাৰ অনুজ্ঞাপত্ৰৰ বাবে অনুৰাগ চলিহাক ৪০ লাখ টকা দিছিল । এই সন্দৰ্ভত তৃষ্ণা শৰ্মাই ১৫ আগষ্টত চানমাৰি থানাত এজাহাৰো দাখিল কৰিছিল । লক্ষণীয় বিষয় যে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ পাছত বিজেপিৰ ভিতৰচ'ৰাৰ বহু গোপন অধ্যায় পোহৰলৈ অহাত বিচলিত হৈ পৰিছে বিজেপি দল আৰু চৰকাৰ ।

ইফালে এক জাননীযোগে ৰাজ্যিক বিজেপিয়ে তৃষ্ণা শৰ্মাক দলৰ সকলো দ্বায়িত্বৰ পৰা তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ অব্যাহতি দিছে ৷ বিজেপিৰ কৃষাণ মৰ্চাৰ সভাপতি দেৱজিত বৰাৰ নিৰ্দেশত লোৱা হৈছে এই সিদ্ধান্ত ৷

এজনৰ পাছত আনজনকৈ বিজেপি সদস্যৰ নাম এই মৃত্যুৰে সাঙোৰ খোৱাৰ পিছত বিজেপিৰ ভিতৰচ’ৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এনে পৰিপ্ৰেক্ষিততে ইন্দ্ৰাণী তহবিলদাৰৰ মৃত্যুৰ ঘটনাৰে জড়িত সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে তৎপৰ হৈছে দলটো । ইন্দ্ৰাণীকাণ্ডত জড়িত সকলোৱেই দলৰ পৰা বহিষ্কৃত হোৱাটো নিশ্চিত হৈ পৰিছে । দলৰ ভাবমূৰ্তি ম্লান কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ হৈছে মুখ্যমন্ত্ৰীকে ধৰি দলীয় নেতৃত্ব ।

আনহাতে নতুনকৈ সাংগঠনিক সম্পাদকৰ দায়িত্ব লোৱা ৰবীন্দ্ৰ ৰাজুৱেও ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণৰ বাবে কঠোৰ নিৰ্দেশ দিছে । সমাগত লোকসভা নিৰ্বাচন । তেনেস্থলত এনেবোৰ ঘটনাক লৈ কোনো ধৰণৰ প্ৰত্যাহ্বান ল'ব বিচৰা নাই দলীয় নেতৃত্বই । ইফালে এই ঘটনাক কেন্দ্ৰ কৰি বিৰোধীয়ে বিজেপি দল আৰু চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ।

উল্লেখ্য যে বিজেপি কিষাণ মৰ্চাৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰৰ একান্ত ব্যক্তিগত ফটো ভাইৰেল হোৱাৰ পাছতে নেত্ৰীগৰাকীয়ে আত্মহননৰ পথ বাচি লৈছিল । এই ঘটনাৰ পাছতেই বিজেপিৰ বহুজনৰ নাম পোহৰলৈ আহিছে ।

লগতে পঢ়ক:Indrani Tahbildar case: ইন্দ্ৰানী তহবিলদাৰৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ বাবে বিজেপি নেতা অনুৰাগ চলিহাক গ্ৰেপ্তাৰ

ABOUT THE AUTHOR

...view details