গুৱাহাটী, 11 আগষ্ট:শুকুৰবাৰে আমিনগাঁৱত বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ 302 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে এই বেডমিণ্টন উৎকৃষ্টতা কেন্দ্ৰ ৷ 4 হাজাৰ দৈৰ্ঘ্য ফুটৰ এই ষ্টেজিয়ামত আছে 16খন বেডমিণ্টন কৰ্ট আৰু খেলুৱৈসকলৰ বাবে থকা-খোৱাৰ সুবিধা ৷
উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই ষ্টেডিয়ামত 2025 অথবা 2027 চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰাৰ বাবে অলিম্পিক এছ’চিয়েশ্যনলৈ পত্ৰ লিখা হৈছে ৷ ইফালে এই ষ্টেডিয়ামৰ পৰা বহু সংখ্যক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেডমিণ্টন খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ কয়, ‘‘বেডমিণ্টনৰ বাবে ৰাষ্ট্ৰীয় উৎকৃষ্টতা কেন্দ্ৰই প্ৰশিক্ষণ আৰু প্ৰতিভা বিকাশত গুৰুত্বপূৰ্ণ গতি প্ৰদান কৰিব ৷’’
উল্লেখ্য যে একেলগে প্ৰায় 3500 গৰাকী দৰ্শকে বহি খেল উপভোগ কৰিব পাৰিব এই ষ্টেডিয়ামখনত । সমান্তৰালকৈ ষ্টেডিয়ামখনত মুঠ ৬৪ জন খেলুৱৈ আৰু ২০জন প্ৰশিক্ষকৰ বাবে সাজু কৰা হৈছে ৷ ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগে চোৱা-চিতা কৰিব ষ্টেডিয়ামখন আৰু বেডমিন্টন ফেডাৰেশ্যন অৱ ইণ্ডিয়াই তদাৰক কৰিব ইয়াৰ কাৰিকৰী দিশ ।
ইফালে এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীগৰাকীয়ে আমিনগাঁৱত 20 হাজাৰ আসন যুক্ত এখন মুকলি ষ্টেডিয়ামৰ ভাৰ্চুৱেলী আধাৰশিলা স্থাপন কৰে ৷ এই মুকলি ষ্টেডিয়ামখনৰ নিৰ্মাণৰ বাবে ব্যয় হ’ব 300 কোটি টকা ৷ দুবছৰৰ ভিতৰত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হ’ব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷