গুৱাহাটী, 5 জানুৱাৰী : টুইন টাৱাৰ নহয় । সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন এতিয়া সপোন হৈয়েই ৰ’ল ৷ টুইন টাৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত এক অনুষ্ঠানত অংশ লৈ সাংবাদিকসকলক কয়- ‘‘এতিয়া আৰু টুইন টাৱাৰৰ সপোন দেখি লাভ নাই ৷ অসম চৰকাৰৰ হাতত ৬৪ মহলীয়া টুইন টাৱাৰ বনাব পৰা প্ৰযুক্তি নাই । বেতকুছিৰ সঞ্চালকালয় ভৱনটো হ'ব টুইন টাৱাৰৰ দৰেই ৷ সৰ্বানন্দ সোণোৱালৰ টুইন টাৱাৰৰ সপোন ইয়াৰ জৰিয়তে মই পূৰণ কৰি দিছোঁ"(Assam CM on twin tower Guwahati)৷
উল্লেখ্য যে, চূড়ান্ত প্ৰহসনত পৰিণত হৈ পৰিছিল ৰাজ্য চৰকাৰৰ সপোনৰ প্ৰকল্প টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ ৷ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰে অনুষ্ঠিত কৰা বিশ্ব বিনিয়োগ সন্মিলনৰ সময়ত সৰ্বাধিক চৰ্চিত হোৱা এই আইক'নিক প্ৰকল্পৰ কাম-কাজ বর্তমানলৈ আৰম্ভই কৰিব নোৱাৰিলে চৰকাৰে ৷
নেচনেল বিল্ডিং কনষ্ট্ৰাকচন কোম্পানীৰ (এন বি চি চি) সৈতে টুইন টাৱাৰ নির্মাণৰ বাবে চুক্তি সম্পন্ন কৰাৰ ৪ বছৰ উকলি গ’ল যদিও প্ৰকল্পস্থলীত নপৰিল এচপৰাও মাটি ৷ সময়ে সময়ে সংবাদ মাধ্যমৰ আগত বিভাগীয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ আশ্বাসৰ বাহিৰে সম্প্ৰতি টুইন টাৱাৰৰ নামত এটা ফাইলো আগনাবাঢ়িল (Twin Tower Trade Centre)৷ ৬০ মাহৰ ভিতৰত এই প্ৰকল্প সম্পূর্ণ কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছিল ৷
এই ব্যয়বহুল ২,০০০ কোটি টকীয়া প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে বান্ধি দিয়া বিনিয়োগৰ চর্তই কার্যতঃ আকর্ষণ কৰিব নোৱাৰিলে বিনিয়োগকাৰীসকলক ৷ যাৰ পৰিপ্ৰেক্ষিতত এই প্ৰকল্পৰ দায়িত্বৰ পৰা আঁতৰি গৈছিল এন বি চি চিও ৷ উপায়হীন হৈ পুনৰ ৰাজ্য চৰকাৰৰ অসম ঔদ্যোগিক উন্নয়ণ নিগম (Assam Industrial Development Corporation) লিমিটেডে এই টুইন টাৱাৰৰ বাবে আহ্বান কৰিবলগীয়া হৈছিল ৰিকুৱেষ্ট ফৰ প্ৰপ’জেল (আৰ এফ পি)৷
এনে জটিলতাই প্ৰস্তাৱিত ৬৫ মহলীয়া টুইন টাৱাৰ ট্ৰেড চেণ্টাৰ প্ৰকল্পটোকে পুনৰ অনিশ্চয়তালৈ ঠেলি দিছিল ৷ উল্লেখ্য যে ২০১৮ বর্ষৰ ২ ফেব্ৰুৱাৰীত এন বি চি চিৰ সৈতে ৰাজ্য চৰকাৰে সম্পন্ন কৰিছিল বুজাবুজিৰ চুক্তি ৷ এই চুক্তিৰ সময়ত প্ৰকল্পটো ৬০ মাহতে সম্পূর্ণ কৰাৰ সময় ধার্য কৰা হৈছিল৷ সেই বছৰৰে জুলাই মাহত টুইন টাৱাৰৰ কাম-কাজ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছিল ৷