অসম

assam

ETV Bharat / state

আগতে মন্ত্ৰী হৈ ভাল লাগিছিল; এতিয়া কামটো কষ্টকৰ হ’ব : হিমন্ত বিশ্ব শৰ্মা

গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । উদ্বোধনী অনুষ্ঠানত তেওঁ কয়, থানাত অ'চি সকলে এজাহাৰ নিলিখে। থানাৰ বাহিৰত এজাহাৰ লিখাৰ মানুহ থাকে । তদুপৰি এতিয়া মন্ত্ৰীৰ কামবোৰ কষ্টকৰ হ’ব বুলি কয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

By

Published : Nov 4, 2021, 8:46 PM IST

cm himanta biswa sharma reacts on oc of police station
থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সকললৈ সকীয়নি হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটী, ৪ নবেম্বৰ : ‘‘আগতে মন্ত্ৰী হৈ ভাল লাগিছিল, এতিয়া কামটো কষ্টকৰ হ’ব । মন্ত্ৰীৰ কাম কষ্টকৰ হ’লে বিধায়কৰ কামো কষ্টকৰ হ’ব । লগতে বিষয়াসকলেও কষ্ট কৰিবলৈ বাধ্য হ'ব ।’’ গুৱাহাটীৰ ছুপাৰ মাৰ্কেটৰ উৰণীয়া সেঁতু উদ্বোধন কৰি দিয়া ভাষণত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ।

ভাষণৰ মাজতে মুখ্যমন্ত্রীয়ে থানাৰ অ’চি সকলকো সকীয়নি দিয়ে । মুখ্যমন্ত্রীয়ে কয়, ‘‘থানাত অ'চি সকলে এজাহাৰ নিলিখে। থানাৰ বাহিৰত এজাহাৰ লিখাৰ মানুহ থাকে । তেওঁলোকে লগাবলগীয়া ধাৰা নলগায় আৰু লগাব নলগা ধাৰা লগায় । বাহিৰত এজাহাৰ লিখাসকলক অ'চিসকলে ১০ দিনৰ ভিতৰত গ্ৰেপ্তাৰ নকৰিলে মই কৰিম । এজাহাৰ লিখাৰ কাম উপ পৰিদৰ্শকৰ। গোটেই বজাৰ বন্ধ হ'ব লাগিব ।’’

লগতে পঢ়ক:পেট্ৰ’ল-ডিজেলৰ মূল্য হ্ৰাসক লৈ উৎফুল্লিত টীয়কৰ জনতা

ইফালে জনতা ভৱনত ২ লাখ ফাইল জমা হৈ আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ‘‘২০০০ কৰ্মচাৰী আছে, মাহে মাহে ফাইল বাঢ়ি আছে । ১৮ নৱেম্বৰৰ পৰা আমি দালালৰ কাম কৰিম, টকা নোলোৱাকৈ আমি কৰিম, মাত্ৰ ফাইল নম্বৰটো দিলেই হ'ব’’ ।

‘‘মন্ত্ৰী হৈ ভাল লাগে, আগতে মন্ত্ৰী হৈ ভাল লাগিছিল । এতিয়াৰ কামটো কষ্টকৰ হ'ব । মন্ত্ৰীৰ কাম কষ্টকৰ হ'লে বিধায়কৰ কামো কষ্টকৰ হ'ব ।’’ ভাষণৰ মাজতে মন্ত্রীসকলক উদ্দ্যেশি এইদৰে মন্তব্য প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক:ৰাজ্য চৰকাৰৰ প্ৰশাসনত ব্যাপক ৰদ-বদল

ABOUT THE AUTHOR

...view details