অসম

assam

ETV Bharat / state

গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ - লামডিং বনাঞ্চল

লামডিং বনাঞ্চলতো উচ্ছেদ চলাবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। শুকুৰবাৰে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

cm himanta biswa sharma reacts on gorukhuti eviction
গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ

By

Published : Oct 29, 2021, 5:12 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ:ছিপাঝাৰৰ গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ। শুকুৰবাৰে এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । লামডিং বনাঞ্চল বেদখল কৰি একাংশ লোকে বৃহৎ এলেকাত আদা খেতি কৰিছে আৰু চৰকাৰে নিশ্চিত ভাৱে সেয়া উচ্ছেদ কৰিব ।

ইতিমধ্যে আমছুকে ধৰি বিভিন্ন সংখ্যালঘু সংগঠনৰ সৈতে এই বিষয়ে চৰকাৰ আলোচনাতো মিলিত হৈছে আৰু সকলোৱে বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত সহমত পোষণ কৰিছে । ইপিনে, উচ্ছেদিত লোকক ছয় বিঘাকৈ মাটি দিয়া বিষয়টোক লৈ বিভিন্ন ধৰণে চৰ্চা আৰম্ভ হোৱাত মুখ্যমন্ত্ৰীয়ে কয় যে, এই সিদ্ধান্ত তেওঁ নিজে লোৱা সিদ্ধান্ত নহয় ।

গৰুখুটিৰ দৰে লামডিং বনাঞ্চলতো উচ্ছেদ চলাবলৈ সাজু হৈছে চৰকাৰ

পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ চৰকাৰৰ দিনতেই এই সিদ্ধান্ত লোৱা হৈছিল যে উচ্ছেদিত সকলো খিলঞ্জীয়া লোকক ছয় বিঘাকৈ মাটি দিয়া হব । কিন্তু জনজাতীয় লোকৰ বাবে ছয় বিঘা মাটি যথেষ্ঠ কম হৈছে বুলিহে চৰকাৰে এতিয়া প্ৰতিদিনে অভিযোগ পাই আহিছে । গৰুখুটিৰ ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহ’ব । কিয়নো তাত থকা প্ৰায় ছয় হাজাৰ লোকৰ নামেই নাই এন আৰ চিত ।

বাংলাদেশত হিন্দু লোকক হত্যাৰ পিছত ত্ৰিপুৰাত উদ্ভৱ হোৱা সাম্প্ৰদায়িক হিংসা সন্দৰ্ভত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে, অসমত ইতিমধ্যে চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে । অসমত কেতিয়াও তেনে পৰিস্থিতি হবলৈ দিয়া নহ'ব ।

লগতে পঢ়ক:চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

ABOUT THE AUTHOR

...view details